W7s news,,,গুৱাহাটী: ব্ৰেইনফিদ আৰু ই.টি. টেক এক্সৰ দ্বাৰা অনুষ্ঠিত দশম সৰ্বভাৰতীয় শিক্ষণ আৰু নেতৃত্ব সন্মিলনত গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত মডাৰ্ণ ইংলিছ স্কুলে শীৰ্ষ ৫০০ “স্কুল অৱ ইণ্ডিয়া” বঁটাৰে সন্মানিত হয়। ৩টা গুৰু বিভাগক কেন্দ্ৰ কৰি বিদ্যালয়খনক এই বঁটা প্ৰদান কৰা হয় – “শ্ৰেষ্ঠ আন্তঃগাঁঠনিযুক্ত বিদ্যালয়, ক্ৰীড়া প্ৰশিক্ষণৰ শ্ৰেষ্ঠত্ব তথা জীৱন দক্ষতা কৌশলৰ প্ৰশিক্ষণৰ শ্ৰেষ্ঠত্ব, আৰু শ্ৰেষ্ঠ সেউজ ভৱন বিদ্যালয়”।এই অনুষ্ঠান বুধবাৰ, ৯ নৱেম্বৰ তাৰিখে নইডাৰ ইণ্ডিয়া এক্সপোত অনুষ্ঠিত হয়। সমূহ বিদ্যালয় পৰিয়ালবৰ্গৰ হৈ বঁটাটি গ্ৰহণ কৰে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে। এই সন্মিলনখনৰ আলোচনাৰ মুখ্য উদ্দেশ্য আছিল যোৱা দুবছৰে স্থবিৰ হৈ পৰা শিক্ষাৰ দিশটোক পুনৰবাৰ মূল্যায়ন কৰা। এই অনুষ্ঠানটিয়ে শিল্প বিশেষজ্ঞসকলৰ লগতে উৎপাদকসকল তথা আন সেৱা প্ৰদানকাৰীসকলে কেনেদৰে প্ৰযুক্তিবিদ্যাৰ সহায়ত শিক্ষাৰ দিশত অৰিহণা যোগাব পাৰে, তাক লৈও আলোচনা কৰে। কেইবাজনো গণ্য-মান্য ভাৰতীয় তথা আন্তৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তিয়ে শিক্ষাখণ্ডত প্ৰয়োজনীয় বিৱৰ্তন আৰু উদ্ভাৱনৰ আৱশ্যকতা সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে। সন্মিলনখনত ভালেসংখ্যক দৰ্শক মণ্ডলী উপস্থিত থাকে, লগতে উদ্ভাৱনী শিক্ষাৰ সমাধান, আধুনিক শিক্ষাবিদ্যা আৰু শ্ৰেষ্ঠ শিক্ষা প্ৰতিস্থানসমূহৰ উন্নতিকৰণৰ বিষয়েও আলোচনা কৰা হয়।
Post Top Ad
Responsive Ads Here
Wednesday, 9 November 2022
Home
গুৱাহাটী
ব্ৰেইনফিদ আৰু ই.টি. টেক এক্সৰ দ্বাৰা ভাৰতৰ শীৰ্ষ ৫০০ বিদ্যালয়ৰ স্থানৰ ভিতৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ স্থান দখল
ব্ৰেইনফিদ আৰু ই.টি. টেক এক্সৰ দ্বাৰা ভাৰতৰ শীৰ্ষ ৫০০ বিদ্যালয়ৰ স্থানৰ ভিতৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ স্থান দখল
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment