**
W7s news,,,নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্চাৰ্ছ প্ৰডাক্শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ "ৰাজনীতি- পাৰ্ট-১"ৰ ট্ৰেইলাৰ আজি মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত আজি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ। ২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।
No comments:
Post a Comment