W7s news গুৱাহাটী,: গুৱাহাটীৰ অন্যতম আগশাৰীৰ খাদ্য শৃংখল মাখন ভোগে শেহতীয়াকৈ ভিয়েটনামৰ হো চি মিন চিটিত ইয়াৰ দ্বিতীয়টো শাখা মুকলি কৰে। সুন্দৰভাৱে সজোৱা ১২৫ আসনযুক্ত ৰেষ্টুৰেণ্টখন ভাৰতৰ কনচুলেট জেনেৰেল মদন মোহন চেঠীয়ে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভিয়েটনামৰ মাখন ভোগৰ সঞ্চালক ধ্ৰুৱ আৰ্য, ভিয়েটনামৰ অংশীদাৰ বিনীত আগৰৱালাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিতথাকে। হো চি মিন চিটিৰ আটাইতকৈ জনপ্ৰিয় অঞ্চল জিলা ১ত অৱস্থিত নতুন ৰেষ্টুৰেণ্টখনত ভাৰতীয় আৰু ভিয়েটনামী সংস্কৃতি দাঙি ধৰা হৈছে। ২০১৯ চনৰ পৰাই ভিয়েটনামৰ হো চি মিনত মাখন ভোগৰ ৰেষ্টুৰেন্টে সেৱা আগবঢ়াই আছে। আনহাতে অন্যান্য দক্ষিণ-পূব এছিয়াৰ দেশবোৰত অধিক সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উপলক্ষে মাখন ভোগ ভিয়েটনামৰ সঞ্চালক ধ্ৰুৱ আৰ্যই কয় যে সমগ্ৰ ভিয়েটনামৰ একমাত্র বিশুদ্ধ নিৰামিষ আৰু ভাৰতীয় ৰেষ্টুৰেণ্ট হিচাপে আমি অত্যন্ত গৌৰৱান্বিত। আমি ইয়াত লাভ কৰা সঁহাৰিত অভূতপূৰ্ব আৰু আমি ভিয়েটনামৰ আন চহৰসমূহলৈও সম্প্ৰসাৰিত কৰা হ'ব বুলি আশা কৰে। দলটোৱে ইতিমধ্যে হানয়, ডা নাং আৰু ফু কুক চহৰৰ বিভিন্ন স্থানৰ সন্ধান লাভ কৰিছে। আমি ভিয়েটনামৰ বিভিন্ন বিমানবন্দৰত মাখন ভোগৰ শাখাৰে সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে আন পৰ্যটকসকলৰ মাজতো ভাৰতীয় খাদ্যৰ প্ৰচাৰ চলিব। মন কৰিবলগীয়া যে ভিয়েটনাম লাহে লাহে ভাৰতীয়সকলৰ বাবে পৰ্যটকৰ মুখ্য আকৰ্ষণ হৈ পৰিছে । কাৰণ ভাৰতৰ সকলো প্ৰান্তৰ পৰা ইয়াৰ সহজ উপলব্ধতা আৰু ভিয়েটনামলৈ ভ্ৰমণ পেকেজৰ যুক্তিসঙ্গত মূল্য নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়া বছৰবোৰত ভাৰত আৰু ভিয়েটনামৰ মাজত বিমান সংযোগো বৃদ্ধি পাইছে। ইণ্ডিগো আৰু ভিয়েটজেটে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আৰু বাংগালোৰৰ পৰা ভিয়েটনামৰ বিভিন্ন চহৰলৈ পোনপটীয়া বিমান চলাচল আৰম্ভ কৰিছে। আগন্তুক সময়ত গুৱাহাটী আৰু হো চি মিনৰ মাজত এখন নন ষ্টপ ফ্লাইট আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যি সময়ত পর্যটন উদ্যোগ চহকী হৈছে আৰু মাখন ভোগৰ দৰে ৰেষ্টুৰেণ্টৰ বাবে সুযোগ আহি পৰিছে।
Post Top Ad
Responsive Ads Here
Sunday, 20 November 2022

Home
গুৱাহাটী
গুৱাহাটী-ব্যবসায়-বাণিজ্য
ভিয়েটনামত মাখন ভোগৰ দ্বিতীয় আন্তৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট মুকলি
ভিয়েটনামত মাখন ভোগৰ দ্বিতীয় আন্তৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট মুকলি
Tags
# গুৱাহাটী
# গুৱাহাটী-ব্যবসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Labels:
গুৱাহাটী,
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment