কনজিউমাৰ্ছ লিগেল প্ৰটেকচন ফ'ৰামৰ উদ্যোগত সজাগতা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 November 2022

কনজিউমাৰ্ছ লিগেল প্ৰটেকচন ফ'ৰামৰ উদ্যোগত সজাগতা সভা

 



W7s news ষ্টাফৰিপোৰ্টাৰ: কনজিউমাৰ্ছ লিগেল প্ৰটেকচন ফ'ৰামৰ উদ্যোগত আৰু লাচিত জ্যোতি মহিলা সংঘ, লাচিত নগৰ ৰাজহুৱা নামঘৰৰ সহযোগত বুধবাৰে লাচিত নগৰ ৰাজহুৱা নামঘৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। মূলত প্লাষ্টিক আৰু খাদ্যবস্তুত ৰসায়নিক সাৰৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সভাখন অনুষ্ঠিত হয়। সভাত কনজিউমাৰ্ছ লিগেল প্ৰটেকচন ফ'ৰামৰ সচিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় হাজৰিকাই উপস্থিত ৰাইজক প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনায়।তেওঁ লগতে ৰাসায়নিক সাৰ যুক্ত খাদ্য বস্তু  ব্যৱহাৰৰ পৰিৱৰ্তে নিজৰ ঘৰতে নিত্য প্ৰয়োজনীয় শাক-পাচলিৰ খেতি জৈৱিক ব্যৱহাৰেৰে কৰাৰ সপক্ষে মত প্ৰকাশ কৰে। সভাত লাচিত জ্যোতি মহিলা সমিতিৰ সভাপতি সৰস্বতী দাস, সাধাৰণ সম্পাদক টুটুমণি কলিতাই মহিলা সমাজক এই ক্ষেত্ৰত আগভাগ ল'বলৈ আহবান জনায়। সভাত ফৰামৰ বিষয় ববীয়া অনুপমা ডেকা, পিয়ালী ঘোষ দে আৰু দিপাঞ্জলী ডেকাই উপস্থিত ৰাইজৰ মাজত কাপোৰৰ বেগ বিতৰণ কৰি প্লাষ্টিক বৰ্জন কৰিবলৈ মুকলি আহ্বান জনায়। সভাত লাচিত নগৰ অঞ্চলৰ অৰ্ধশতাধিক মহিলাই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here