গুৱাহাটীত চেণ্টাৰ ফৰ চাইট গ্ৰুপ অৱ আই হাস্পতালছৰ নতুন কেন্দ্ৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 November 2022

গুৱাহাটীত চেণ্টাৰ ফৰ চাইট গ্ৰুপ অৱ আই হাস্পতালছৰ নতুন কেন্দ্ৰ মুকলি

 


এতিয়া বিশ্বস্তৰীয় চকু পৰিচৰ্যা সেৱা আপোনাৰ চহৰত উপলব্ধ  


W7s news গুৱাহাটী : বিশ্বাসযোগ্য চিকিৎসকৰ দলৰ দ্বাৰা পৰিচালিত শেহতীয়া প্ৰযুক্তিযুক্ত বিশ্বস্তৰীয় চকু চিকিৎসা হাস্পতাল মুকলি কৰি চেণ্টাৰ ফৰ চাইট গ্ৰুপ অৱ আই হাস্পতালছে ভাৰতৰ উত্তৰ-পূৱত উন্নত আৰু গুণগত চকু চিকিৎসা সেৱাৰ বাবে পুনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিজ্ঞান আৰু  প্ৰযু্ক্তিবিদ্যা মন্ত্ৰীকেশৱ মহন্ত, সাংসদ কুইন ওজা  উপস্থিত থকাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন তাৰকাই এই অনুষ্ঠানৰ শোভাবৰ্ধন কৰে।অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি কেশৱ মহন্তই (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ; বিজ্ঞান আৰু  প্ৰযুক্তিবিদ্যা মন্ত্ৰী, অসম চৰকাৰ) কয় "মই চেণ্টাৰ ফৰ চাইটক গুৱাহাটীলৈ আদৰিছোঁ আৰু মই এই প্ৰতিষ্ঠানটোৰ কৃতিত্ব দেখি অত্যন্ত সুখী। তেওঁলোকে ৰোগীসকলৰবাবে উপলভ্য প্ৰযুক্তি, দক্ষতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, যিয়ে ইয়াক চকু চিকিৎসাৰ আদৰ্শ একক গন্তব্যস্থান কৰি তুলিছে। এই হাস্পতালখনৰ মুকলিয়ে গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত চকু চিকিৎসাৰ এক নতুন যুগৰ সূচনা কৰিব। চেণ্টাৰ ফৰ চাইটে এই অঞ্চলত উন্নত চকু চিকিৎসা সহজলভ্য কৰিব।" সাংসদ কুইন ওজাই কয় 'এই হাস্পতালখন অত্যাধুনিক আৰু খ্যাত চিকিৎসকৰ দলৰ দ্বাৰা সুসজ্জিত আৰু মই বিশ্বাস কৰো যে চেণ্টাৰ ফৰ চাইটৰ আগমনৰদ্বাৰা উত্তৰ-পূবৰ লোকসকল লাভৱান্বিত হ'ব।'ভাৰতত প্ৰায় ১২ মিলিয়ন অন্ধ লোক আছে যিয়ে ভাৰতক পৃথিৱীৰ এক-তৃতীয়াংশ অন্ধ জনসংখ্যাৰ বাসস্থান হিচাপে পৰিগণিত কৰে। চুপাৰ স্পেচিয়েলিটি আৰু অগ্ৰণী চকু চিকিৎসাৰ উন্নতি হৈছে কিন্তু গোটেই ভাৰতজুৰি ইয়াৰ সমান বিতৰণ নাই। আমি ভাৰতৰ সকলো ঠাইতে সহজলভ্য আৰু বিশ্বস্তৰীয় চকু চিকিৎসা প্ৰদান কৰাৰ এক অভিযান গ্ৰহণ কৰিছোঁ, কাৰণ চেণ্টাৰ ফৰ চাইটত আমি বিশ্বাস কৰো যে প্ৰতিযুৰি চকুৱেই উৎকৃষ্ট চিকিৎসাৰ যোগ্য।", চেণ্টাৰ ফৰ চাইট গ্ৰুপ অফ আই হাস্পতালছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ মহীপাল সিং সহদেৱে কয়।ভাৰতৰ ৩০ খন চহৰৰ ৫০ তকৈ অধিক স্থানজুৰি থকা তথা বছৰি ১০ লাখতকৈ অধিক ৰোগীক সেৱা প্ৰদান কৰা চেণ্টাৰ ফৰ চাইটে এতিয়া গুৱাহাটীবাসীকো সেৱা প্ৰদান কৰিব। এই চেন্টাৰটো উন্নত কেটাৰেক্ট সমাধান, ডাইবেটিক ৰেটিন'গ্ৰাফী, গ্লুকোমা আদি সকলো প্ৰকাৰৰ জটিল অস্ত্ৰোপচাৰকে ধৰি সৰ্বাত্মক  নেত্ৰ-সম্বন্ধীয় সেৱা প্ৰদান কৰাত বিশেষজ্ঞ। ইয়াৰ উপৰিও একেখন চালিৰ তলতে সৰ্বাংগীন আৰু সহজলভ্য চকু চিকিৎসা প্ৰদানে ইয়াক এক আদৰ্শ আৰু একক চকু চিকিৎসাৰ গন্তব্যস্থানলৈ পৰিগণিত কৰিছে। এই চেন্টাৰটো গুৰুত্বপূৰ্ণ পি.এছ. ইউ. সমূহৰ সৈতে অন্তৰ্ভুক্ত থাকিব আৰু টি. পি. এ. য়ে ইতিমধ্যে উত্তৰ-পূবৰ লোকসকলৰ বাবে সৰ্বাংগীন চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। ইয়াৰ উপৰিও এই চেন্টাৰটোত এটা অপ্টিকেল আই ৱিং, চি. এফ. এছ. ভিজন আছে যিয়ে সম্পূৰ্ণ আইৱেৰ সমাধান প্ৰদান কৰে। আপোনাক বিশ্বস্তৰীয় চকু চিকিৎসা আগবঢ়াবলৈ এই চেন্টাৰটো আটাইবোৰ শেহতীয়া আৰু উন্নতমানৰ মেচিনেৰে সুসজ্জিত। ফেক'ইমালচিফিকেশ্বন (ফেক')ৰ সৈতে মাইক্ৰ'ইনচিশ্বন কেটাৰেক্ট ছাৰ্জাৰী (এম. আই. চি. এছ.) ৰ পিছত কৰা হয় উন্নত লেন্স-ট্ৰাইফ'কেল, মাল্টিফ'কেল, টৰিক্স, ই. ডি. ও. এফ আৰু উন্নত ডিজাইনৰ ইনট্ৰাঅকুলৰ লেন্সৰ (আই. ও. এল.) সমাৱিষ্টকৰণ। এইটো চিলাই, তেজ আৰু যন্ত্ৰণামুক্ত অস্ত্ৰোপচাৰ, সোনকালে আৰোগ্য হোৱা আৰু পোষ্ট অপাৰেটিভ ৰিকভাৰী হোৱা এটা ৱাক-ইন ৱাক-আউট প্ৰক্ৰিয়া। চেণ্টাৰ ফৰ চাইটে জটিল ভিত্ৰিঅ'ৰেটিনেল ৰোগৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ ব্যৱস্থাপনাসহিতে যথাসম্ভৱ ফলাফল প্ৰদান কৰে। ডাইবেটিক ৰেটিনেল ডিজিজ, মেকিউলাৰ ডিজেনেৰেশ্বন আৰু ৰেটিনেল ডিটাচমেণ্টৰ ঘটনাসমূহ অভিজ্ঞতাপূৰ্ণ ৰেটিনেল চাৰ্জনৰদ্বাৰা আটাইতকৈ উন্নত মেচিন ব্যৱহাৰ কৰি চিকিৎসা কৰা হয়। গুৱাহাটীত এই কেন্দ্ৰটো শেহতীয়া ডায়েগ্নষ্টিক, অত্যাধুনিক প্ৰযুক্তি আৰু অগ্ৰণী মদিউলৰ অপাৰেশ্যন থিয়েটাৰৰ সৈতে ৭০০০ বৰ্গ ফুটৰ এলেকাত বিস্তৃত হৈ আছে। অনুষ্ঠানত ডাঃ অলকা সহদেৱে শলাগৰ শৰাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here