নিউয়ৰ্ক ফেশ্বন সপ্তাহত সফলতাৰে জিলিকিছে আই.এন.আই.এফ.ডি, গুৱাহাটীৰ ডিজাইনাৰসকল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 19 October 2022

নিউয়ৰ্ক ফেশ্বন সপ্তাহত সফলতাৰে জিলিকিছে আই.এন.আই.এফ.ডি, গুৱাহাটীৰ ডিজাইনাৰসকল

 



W7s news গুৱাহাটী : আই.এন.আই.এফ.ডি, গুৱহাটীৰ শিক্ষাৰ্থী ক্ৰমে অনুৰাধা জৈন, হিনা  মৌৰ, দিব্যা ভাৰতী, লহৰ আগাৰৱাল আৰু হাছিম আলিয়ে নিউয়ৰ্ক ফেশ্বন সপ্তাহ, ২০২২-ত স্ব- নিৰ্মিত পোচাক প্ৰদৰ্শন কৰে। এই পোচাক নিৰ্মাণৰ বিষয়বস্তু আছিল- ভগ্ন কাৰ্য্য। ভাৰতীয় সাজ-সজ্জাই ভৱিষ্যতৰ ফেশ্বনৰ দিশ নিৰ্দেশনা কৰিছে। নিউয়ৰ্ক ফেশ্বন সপ্তাহত ইন্টাৰনেশ্যনেল ইন্সিটিউট অৱ ফেশ্বন ডিজাইন (INIFD)-ৰ যুৱ আৰ্হি- নিৰ্মাতাসকলে “ভাৰতীয় সাজ- সজ্জাৰ পেৰা” প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলে বসন্ত- গ্ৰীষ্মৰ সাজ-সজ্জাৰ ধাৰাক এক মনোগ্ৰাহী ৰূপত দাঙি ধৰে।  প্ৰায়  ২০ বছৰৰ অভিজ্ঞতাসম্পন্ন সাজ সজ্জা বিশেষজ্ঞা জিনতেৰ জাংকুনিনে কয় যে এই শিক্ষাৰ্থীসকলে ৫৫ গৰাকী মহিলাৰ বাবে তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰে সংকলনটি প্ৰস্তুত কৰে। এই অপূৰ্ব সংকলন নিৰ্মাণ কৰা হৈছিল বিষয়বস্তু “ভগ্ন কাৰ্য্যৰ নীতি “ক আগত ৰাখি। এক  প্ৰায়োগিক  আদৰ্শ আগত ৰাখি শিক্ষাৰ্থী সকলে  ভগ্নাংশ হিচাপে ট্ৰাউজাৰ, জেকেট আৰু পুৰুষৰ শ্বাৰ্ট এই তিনিটা উপাদানক মূল হিচাপে লৈ তাক নতুন ৰূপ প্ৰদান কৰি তাক ভগ্ন ৰূপ দি পিন্ধনৰ উপযুক্ত পোছাকলৈ ৰূপান্তৰ কৰে ।আই.এন.আই.এফ.ডি-ৰ কেন্দ্ৰীয় পৰিচালিকা  চিংকি আগাৰৱালে কয়, “ই আমাৰ বাবে অতি গৰ্বৰ বিষয় যে আমাৰ শিক্ষাৰ্থী ডিজাইনাৰ সকলে তেওঁলোকৰ কষ্টেৰে আজি এখন অগ্ৰনী ফেশ্বন সমাৰোহত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। আমাৰ আৰ্হি সমূহ ডিজাইন উদ্ভাৱন আৰু বানিজ্যিক দিশক আগত ৰাখি প্ৰস্তুত কৰা হৈছে। আই.এন.আই.এফ.ডি- ৰ শিক্ষাৰ্থীসকলে অতি উৎসাহ আৰু আগ্ৰহেৰে এই প্ৰদৰ্শণীত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ এই কৃতকাৰ্য্যতা লৈ তেওঁলোক অত্যন্ত সুখী। “


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here