গুৱাহাটী বিশ্ববিদ্যালয়ত অন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱৰ আৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 October 2022

গুৱাহাটী বিশ্ববিদ্যালয়ত অন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱৰ আৰম্ভণি

 

 W7s news ষ্টাফৰিপোৰ্টাৰ


: গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২১-২২ বৰ্ষৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ শনিবাৰে শুভাৰম্ভণি কৰা হয় । ৩১ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া  যুৱ মহোৎসৱ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ  ক্ৰীড়া সন্থাৰ পতাকা আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ  কাকতি আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰৰ সভাপতি হেমেন কলিতাই । মহোৎসৱ উদ্বোধন কৰি অধ্যাপক সন্দিকৈয়ে কয় যে যুৱ মহোৎসৱসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাত সহায় কৰে আৰু তেওঁলোকক নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এক মঞ্চ প্ৰদান কৰে।  উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ আৰু বিশিষ্ট ব্যক্তিসকল তথা  অংশগ্ৰহণকাৰীসকলে শ্বহীদ  বেদীত ফুলেৰে শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক দিপক শৰ্মাই  কয় যে- যুৱ মহোৎসৱৰ সাংস্কৃতিক সমাৱেশত অসমৰ সকলো সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰা হয় যাক অসমৰ ক্ষুদ্ৰ সংস্কৰণ বুলি ক'ব পৰা যায়।  বৰ্তমান সাংস্কৃতিক, সুকুমাৰ কলা আৰু সংগীত অনুষ্ঠানৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ    আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৬০ মহাবিদ্যালয়ৰ পূৰ্বে চাৰিটা মাণ্ডলীক যুৱ মহোৎসৱত নিৰ্বাচিত  মহাবিদ্যালয়সমূহৰ প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীয়ে এই  উৎসৱত অংশগ্ৰহণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here