কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত* *পাণ্ডু মহাবিদ্যালয়ত* *'ধঁপাতৰ ওপৰত কৰ আৰোপ' শীৰ্ষক ঘূৰণীয়া মেজমেল* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 October 2022

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত* *পাণ্ডু মহাবিদ্যালয়ত* *'ধঁপাতৰ ওপৰত কৰ আৰোপ' শীৰ্ষক ঘূৰণীয়া মেজমেল*

 




W7s news


গুৱাহাটী: কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ, অসম  আৰু পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ যৌথ উদ্যোগত আৰু কনজিউম ভয়েচ , নতুন দিল্লীৰ সহযোগত 'ধঁপাতৰ ওপৰত কৰ আৰোপ' শীৰ্ষক ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। মেজমেলত উপস্থিত থকা অৰ্থনীতিবিদ , বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰৰ কৰ বিভাগৰ প্ৰতিনিধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ দ্বাৰা ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যধিক কৰ আৰোপে অন্যতম পন্থা বুলি ঐক্যমত পোষণ কৰে। ঘূৰণীয়া মেজমেল উদ্বোধন কৰি *পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেশ কাকতি* য়ে স্বাস্থ্য আৰু জীৱনৰ ওপৰত ধঁপাতে পেলোৱা প্ৰভাবৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ছাত্র সমাজক আহ্বান জনায়। মেজমেলত উপস্থিত থাকি *আইআইটি-গুৱাহাটীৰ অৰ্থনীতিৰ অধ্যাপক ডঃ মৃণাল কান্তি দত্ত* ই বৰ্তমানৰ সৰ্বাধিক ২৮% ৰ পৰিবৰ্তে ধঁপাতৰ ওপৰত কৰৰ পৰিমান ৪০% লৈ বৃদ্ধি সপক্ষে মত প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকি *গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ নিছাঁৰ আহমেদ বৰুৱা* ই অন্যান্য  সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰাল ভাৱে ভাৰতত ধঁপাতৰ মূল্য বৃদ্ধি কৰা নহয় বুলি উদ্ধিগ্নতা প্ৰকাশ কৰে। ঘুৰণীয়া মেলমেলত উপস্থিত থাকি *গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ মৌচুমী বৰা* ই কৰ বৃদ্ধিৰ সমান্তৰাল ভাৱে ধোঁৱাবিহীন ধঁপাতৰ পেকেটৰ আকাৰ আৰু পৰিমাণ বৃদ্ধিৰ সপক্ষে যুক্তি আগবঢ়ায়। আনহাতে আইন অনুসৰি ধঁপাতৰ  ওপৰত সৰ্বাধিক যি পৰিমাণৰ কাৰ আৰোপ কৰিব পাৰি চৰকাৰে সেই আৰোপ কৰিব বুলি আশ্বাস দিয়ে *অসম চৰকাৰৰ কৰ বিভাগৰ ৰাজ্যিক জিএছটিৰ অধীক্ষক বেদব্ৰত শইকীয়া* ই। *কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ  সচিব অধিবক্তা অজয় হাজৰিকা* ই আদৰণি ভাষণত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি সকলো ধৰণৰ ধঁপাত  জাতীয় সামগ্ৰীৰ ওপৰত অতি কমেও ৭৫% কৰ আৰোপৰ সপক্ষে মত প্ৰকাশ কৰে। *পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংগনা বৰা* ই আতধৰা মেজমেলত *কনজিউম ভয়েচ, নতুন দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম সান্যাল* আৰু *কোচিৰ ৰাজাগিৰী কলেজ অফ চোছিয়েল চায়েন্সৰ সহযোগী অধ্যপক ডঃ ৰিজ এম জনো* উপস্থিত থাকি ধঁপাতৰ ওপৰত সৰ্বাধিক কৰ বৃদ্ধিৰ সপক্ষে মত প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here