অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত খানামুখত দুই শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 18 October 2022

অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত খানামুখত দুই শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

 


W7s news গুৱাহাটী  : অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন "অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে" সমাজত কোনো লোকে যাতে ক্ষুধাতুৰ হৈ থাকিবলগীয়া নহয় তাৰ বাবে দুখীয়া  লোকসকলৰ মাজত সময়ে সময়ে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে । আনহাতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত আজি ফাউণ্ডেশ্যনৰ উদ্যোগত পশ্চিম গুৱাহাটীৰ খানামুখ খেল পথাৰত বৃহত্তৰ খানামুখৰ উপৰিও দাঁতি কাষৰীয়া ধাৰাপুৰ , গাড়ীগাঁও অঞ্চলৰ দুই শতাধিক দুখীয়া পৰিয়ালক চাউল , দাইল , নিমখ , মিঠাতেল , আলুকে ধৰি মুঠ ১১ বিধ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । আনহাতে খানামুখ শ্ৰী শ্ৰীলক্ষ্মী পূজা সমিতিৰ সহযোগত  অনুষ্ঠিত বিতৰণ কাৰ্যসূচীত পৰিয়াল সমূহৰ মূৰব্বী মহিলা সকলক খাদ্য সামগ্ৰীৰ টোপোলা সমূহ প্ৰদান কৰা হয় । আনহাতে বিতৰণ কাৰ্যসূচীত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিষয়াদ্বয় ক্ৰমে নুৰুল চৌধুৰী আৰু প্ৰবীৰ দে , লক্ষ্মী পূজা সমিতিৰ সভাপতি সত্য ভৰালী , কাৰ্যকৰী সভাপতি কেশৱ কলিতা , উপ সভাপতিদ্বয় কনক চন্দ্ৰ বৈশ্য আৰু অনিল বৈশ্য , সাধাৰণ সম্পাদক ৰুবুল বৈশ্য , সহকাৰী সম্পাদক ধৃতিমান দাস , ধাৰাপুৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰদীপ দাস , অগপ নেতা ক্ৰমে -  সুভাষ শৰ্মা , পৰেশ বৰুৱা আৰু প্ৰণৱ দাস , খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতা , সমাজকর্মী অৰূপজ্যোতি বেজকে  ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here