W7s news গুৱাহাটী
: বিশ্ব মানসিক দিৱস উপলক্ষে তথা বিশ্ব মানসিক স্বাস্থ্য সপ্তাহ উদযাপনৰ লগত সংগতি ৰাখি দেওবাৰে গুৱাহাটীৰ লতাশিল খেল পথাৰৰ পৰা 'মানসিক স্বাস্থ্য'ৰ বাবে এক পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী ভাৰতীয় মানসিক ৰোগৰ চিকিৎসক সন্থা, অসম শাখা আৰু মনোৰোগ চিকিৎসক ডাঃ জয়ন্ত দাসৰ ছত্রছঁয়াত গঢ়লোৱা নিৰাময় নামৰ অনুষ্ঠানৰ উদ্যোগত আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী জেৰিফা ৱাহিদে। গুৱাহাটীৰ দীঘলীপুখুৰীলৈ উলিওৱা এই কাৰ্যসূচীত ডাঃ বিজয় চৌধুৰী, ডাঃ দীপাঞ্জলি মেধি, ডাঃ উৎপল বৰা, ডাঃ জয়ন্ত দাস, ডাঃ অন্বেষক দাস, কেইবাজনো মানসিক চিকিৎসক, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্র-ছাত্ৰী,মানসিক ৰোগৰ ঔষধৰ সন্থাৰ সদস্য আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য, ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্হ্য দিৱস পালন কৰা হয়।
No comments:
Post a Comment