ভিয়েটনামত মুকুলি হ'ব দ্বিতীয়খন আউটলেট
W7s news গুৱাহাটী : আনন্দ আৰু উৎসৱমুখৰ এই পৰিত্ৰ দীপান্বিতা আৰু কালী পুজা উপলক্ষে গুৱাহাটীৰ প্ৰসিদ্ধ মিঠাইৰ বিপণী মাখন ভোগে আপোনালোকলৈ আগবঢ়াইছে মিঠাই, ড্রাই ফুট, চকলেট আৰু কুকিজ নতুন কালেকচনৰ লগতে থাকিব সুন্দৰকৈ সজোৱা আকর্ষণীয় উপহাৰৰ বাকচ । এই সন্দৰ্ভত সঞ্জয় আগৰৱালা কয় যে আগন্তুক দেৱালী, খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ সকলো মাখনভোগ বিপনীত সুন্দৰকৈ সজোৱা উপহাৰ বাকচত নতুন মিঠাই, শুকান ফল, চকলেট, স্নেক্স আৰু কোকিজ সজোৱা হৈছে। সোৱাদ আৰু গুণগত মানত অনন্য মাখন ভোগে সদায় গ্ৰাহকৰ আৱশ্যকতা, বাজেট আৰু বয়স অনুসাৰে নিজৰ উৎপাদিত সামগ্রী প্রস্তুত কৰি আহিছে, যাতে প্রতিজন ব্যক্তিয়ে মিঠাইৰ সোৱাদ আৰু অনাবিল আনন্দ লাভ কৰিব পাৰে। তাৰ লগতে যাতে নিজৰ আত্মীয়-স্বজনক উপহাৰ দি আনন্দ লভিব পাৰে। ইপিনে যুব উদ্যোগী ধ্রুব আৰিয়াই কয় যে দীপান্বিতা আৰু কালী পূজাৰ এই শুভক্ষণত মাখন ভোগে মাৱাৰ মিঠাই, লাৰু, গুলাব জামুন, কাজু বর্ফি আদি মিঠাইৰ গিফট বক্সৰ উপৰিও চকলেট, ড্রাই ফ্রুটছ, কেক আৰু নিমকি আদিৰে আকৰ্ষণীয় উপহাৰৰ টোপোলাও মুকলি কৰিছে। মিঠাই আৰু ড্রাই ফুইটচৰ গিফট ব’ৰ দাম ক্রমে ২৫০ টকাৰ পৰা আৰম্ভ হৈছে আৰু বিভিন্ন দামৰ আছে। গ্ৰাহকে নিজৰ পচন্দ অনুসৰি বনোৱা গিফট ব’ক্স অৰ্ডাৰ কৰিব পাৰে। উন্নত মানদণ্ডৰ আৰু সোৱাদযুক্ত মিঠাই যোগান ধৰাৰ বাবে ২০০৫ চনত স্থাপন কৰা হৈছিল মাখনভোগ। মাখন ভোগ গুৱাহাটীৰ অগ্ৰণী মিঠাইৰ দোকানৰ ভিতৰত অন্যতম। গ্রাহকে উলুবাৰী, ফাঁচী বজাৰ আৰু গণেশগুৰিত থকা যিকোনো এখন মাখন ভোগ বিপণীলৈ গৈ মিঠাইৰ সোৱাদ ল ব পাৰিব। উত্তৰ পূব একমাত্ৰ ব্ৰেণ্ড যিটো ভিয়েটনামত তেওঁলোকৰ আন্তর্জাতিক বিপনী মুকুলি কৰিছে। মিঠাই, শুকান ফল, চকলেট, স্নেক্স আৰু কোকিজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভিয়েটনামত দ্বিতীয়খন আউটলেট মুকুলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
No comments:
Post a Comment