W7s news গুৱাহাটী : 'পদপথত আবেলিৰ কবিতা' শীর্ষক কাব্যানুষ্ঠানৰ কবি সম্মিলনখন পহিলা অক্টোবৰত চানমাৰি পদপথৰ মুকুলি স্থানত অনুষ্ঠিত হয়। কিশোৰী মোহন পাঠকে সভাপতিত্ব কৰা কবি সম্মিলন উদ্বোধন কৰে চফিউৰ ৰহমান শইকীয়াই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কমলা কান্ত ডেকাই আৰু প্রতিবেদন পাঠ কৰে সহকাৰী সম্পাদক কাবেৰী দাসে। কবিতা পাঠ কৰে প্রণজিৎ পাঠক, অৱণী গোহাঁই, বিজয়া দত্ত কলিতা, গুনীন চৌধুৰী, অনিমা মেধী প্ৰমুখ্যে ৩৫ জন কবিয়ে । পঠিত কবিতাৰ পৰ্য্যালোচনা ড° ৰোমান শৰ্মা আৰু ৰুমী শৰ্মা বৰঠাকুৰে । মনোমোহন মেধিয়ে অনুষ্ঠানটো সন্দৰ্ভত চমুকৈ কয় । গীত পৰিবেশন কৰে বিভা দেবী, বিনিতা গোস্বামী, সুৱলা দাস, ৰীতা চৌধুৰী আৰু ৰাজৰায় মেধিয়ে।
No comments:
Post a Comment