অসমৰ তিনিগৰাকী সুন্দৰী মহিলা বিশ্বজনীন সৌন্দৰ্য্য প্ৰতিযোগিতালৈ নিৰ্বাচিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 September 2022

অসমৰ তিনিগৰাকী সুন্দৰী মহিলা বিশ্বজনীন সৌন্দৰ্য্য প্ৰতিযোগিতালৈ নিৰ্বাচিত

 




W7s news গুৱাহাটী:  মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত পোহৰ ইভেনটছ এণ্ড এন্টাৰটেইনমেন্টৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যোৱা মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল গ্লোবেল ২০২২  সৌন্দৰ্য্য প্ৰতিযোগিতাত ড:   চুমী চৌধুৰীয়ে মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল গ্লোবেল ইউনিভাৰচেল, ২০২২ খিতাপ লাভ কৰাৰ বিপৰীতে তৰালী শৰ্মাই মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল গ্লোবেল ৱৰ্ল্ড, ২০২২ আৰু ড: ৰীতি কৌশিকে মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল গ্লোবেল আৰ্থ, ২০২২ খিতাপ অৰ্জন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীৰ মাজৰ অসমৰ এই তিনিগৰাকী সুন্দৰী প্ৰতিযোগীয়ে সৌন্দৰ্য্য প্ৰতিযোগিতা খনত শীৰ্ষ স্থানৰ তিনিটা খিতাপ লাভ কৰাত স্বাভাবিকতে ক্ষেত্ৰ খনত জৰিত সৌন্দৰ্য্য প্ৰেমী অন্যান্য মহিলা সকল যথেষ্ট আনন্দিত আৰু অনুপ্ৰাণিত হৈছে। অন্তিম পৰ্য্যায়ত  ফেশ্বন ডিজাইনাৰ গৰিমা গাৰ্গ আৰু অভিনেতা দিগন্ত হাজৰিকা বিচাৰক হিচাপে থকা প্ৰতিযোগিতাখনৰ ভিন ভিন শিতান সমূহ চাৰি দিন ধৰি অনুষ্ঠিত হৈছিল আৰু প্ৰতিযোগিসকল প্ৰশান্ত ঘোষকে ধৰি অন্যান্য বহু প্ৰথিতযশা বিচাৰকৰ বিচাৰৰ সন্মুখীন হব লগা হৈছিল। এই তিনিগৰাকী বিজয়ী প্ৰতিযোগীৰ তৰালী শৰ্মাই বৰ্তমান ইণ্ডিয়ান চেম্বাৰছ অব কমাৰ্চৰ সহকাৰী সঞ্চালক আৰু ড: চুমী চৌধুৰী আৰু ড: ৰীতি কৌশিক দুয়ো দন্ত চিকিৎসক হিচাপে কৰ্মৰত। তিনিও গৰাকী বিজয়ীয়ে অহা ডিচেম্বৰত মালয়েছিয়াৰ কোআলা লাম পুৰত অনুষ্ঠিত হব লগীয়া বিশ্ব জনীন সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here