ওদালগুৰিত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 September 2022

ওদালগুৰিত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ:  ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা  ওদালগুৰি আৰু ওৰাং খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত শুকুৰবাৰে "স্বাস্থ্য সেৱা অভিযান" শীৰ্ষক দুটাকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল এম ই স্কুল আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নেপালী গাওঁ প্ৰাথমিক বিদ্যালয়ত এই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কুন্দৰবিলত অনুষ্ঠিত শিবিৰটো উদ্ধোধন কৰে এমচিএলএ সঞ্জয় স্বৰ্গীয়াৰীয়ে। আৰু ওৰাঙত অনুষ্ঠিত শিবিৰটো উদ্ধোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়ে। লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিৰাজ বৰুৱা। স্বাস্থ্য পৰীক্ষা শিবিৰকেইটাত   কাণ নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ আদিৰ লগতে আয়ুৰ্বেদিক, হোমিওপেথিক সহিতে মুঠ ১০ গৰাকীকৈ ডাক্তৰে ৰোগী পৰীক্ষা কৰে। এই শিবিৰকেইটাত প্ৰায় ছয় শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয় তথা ভ্ৰাম্যমাণ চিকিৎসা কোষৰ জৰিয়তে বিনামূলীয়াকৈ লেবৰটাৰি সেৱা আগবঢ়োৱা হয়। শিবিৰ কেইটাৰ  জৰিয়তে ৰাইজক বিভিন্ন ৰোগ তথা ১০৮  সেৱা সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰা হয়। এই স্বাস্থ্য শিবিৰকেইটাত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. অনুৰাধা বৰুৱা, জিলা প্ৰতিষেধক বিষয়া ডা. গণেশ ব্ৰহ্ম, ডা. লক্ষণ বড়ো, ডা. বিজয় ভট্টাচাৰ্য, হৰিছিঙা আদৰ্শ চিকিৎসাল়ৰ অতিৰিক্ত অধীক্ষক ডা. বি কে দৈমাৰী, ডা. কংকন ঠাকুৰীয়া, ডা. ভাগীৰথ দে, ডা.নৰেন্দ্ৰ বৰুৱা, ডা.উপমা বসুমতাৰী, ডা. মল্লিকা বৰ্মন, ডা. হিৰণ্য গয়াৰী, 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰগ্ৰাম মেনেজাৰ বাছিল টপ্প,  জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য‌‌‌, ডিচিএম সঞ্জীৱ কুজুৰ, ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ মেলেৰিয়া বিষয়া যতীন ৰাভা, জিলা পৰামৰ্শদাতা নাজিয়া হাছান,  খণ্ড ব্লক প্ৰগ্ৰাম মেনেজাৰ ৰাজ মুছাহাৰী, ভাৰ্জিল শৰ্মা লগতে কেইবাগৰাকীও কমিউনিটী স্বাস্থ্য বিষয়া, এএন এম, আশা কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। লগতে ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মুলকৰণ কাৰ্যসূচী আদিৰ বিষয়া কৰ্মচাৰীও এই শিবিৰ দুটাত অংশগ্ৰহণ কৰি এই ৰোগ সমূহ সন্দৰ্ভত সজাগতা সৃষ্টিৰ চেষ্টা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here