খানাপাৰাত বিপুল আদৰণি , গুৱাহাটীত বিএছএফৰ মটৰচাইকেল ডেয়াৰডেভিলছ শ্ব' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

খানাপাৰাত বিপুল আদৰণি , গুৱাহাটীত বিএছএফৰ মটৰচাইকেল ডেয়াৰডেভিলছ শ্ব'

 



W7s news ষ্টাফৰিপোৰ্টাৰ:  দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সীমান্ত নিৰাপত্তা বাহিনীয়ে ( বি এছ এফ ) পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱ"ৰ অধীনত উত্তৰ পূবৰ ৰাজ্য কেইখনত চলি আছে বি এছ এফৰ মটৰ চাইকেল ডেয়াৰডেভিল শ্ব' । আজি  সন্ধিয়া  মটৰ চাইকেল ডেয়াৰডেভিল শ্ব'ত ভাগ লোৱা ৩৪ জনীয়া দলটো শ্বিলঙৰ  পৰা আহি গুৱাহাটীত উপস্থিত হয় । গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ  সমীপত দলটোক আদৰণি জনাই বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উচ্চপদস্থ বিষয়াৰ লগতে  লায়নছ ক্লাব অব  গুৱাহাটী  গ্ৰেটাৰৰ কৰ্মকর্তা সকলে । ইয়াৰ উপৰিও বি এছ এফৰ জাজ বেণ্ড হিচাপে পৰিচিত দলটোৱে সুৰৰ লহৰৰে দলটোক উৎসাহিত কৰে । তাৰ পাছত দলটো গৈ বেতকুছিস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়  চৌহদত উপস্থিত হয় । তাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ডঃ এছ পি সিঙৰ উপস্থিতিত  আয়োজিত অনুষ্ঠানত  দলটোৱে  এক মটৰ চাইকেল ডেয়াৰডেভিল শ্ব' উপস্থাপন কৰে । য'ত  মটৰ চাইকেল আৰোহীসকলে মটৰচাইকেলৰ সৈতে আশ্চৰ্যজনক কৃতিত্ব আৰু ষ্টাণ্ট প্ৰদৰ্শন  আৰু "ভাৰত মাতা কী জয়" ধ্বনিৰে আকাশ বতাহ মুখৰিত  কৰি তোলে । আনহাতে  দলটোৰ সদস্যসকলে উপস্থিত থকা এনচিচি কেডেট, ছাত্ৰ-ছাত্ৰী সকলক  সাক্ষাৎ কৰে আৰু তেওঁলোকক দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্য, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ে তথ্যৰ মত বিনিময়  কৰে আৰু তেওঁলোকক গৌৰৱেৰে দেশৰ সেৱা কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰিবৰ বাবে অনুপ্ৰাণিত কৰে।উল্লেখযোগ্য যে  মটৰ চাইকেল ৰেলীটো কাইলৈ অৰ্থাৎ ২ ছেপ্টেম্বৰৰ  পুৱা গুৱাহাটীৰ পৰা নলবাৰী , বৰপেটাৰোড , বঙাইগাঁও , কোকৰাঝাৰ হৈ  ধুবুৰী অভিমুখে  ৰাওনা হ'ব বুলি বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ জনসম্পৰ্কৰক্ষী  বিষয়াই জানিবলৈ দিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here