প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ স্বচ্ছতা অভিযান কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 September 2022

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ স্বচ্ছতা অভিযান কাৰ্যসূচী

 

W7s news


গুৱাহাটী :: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ  আন  ৰাজ্যৰ লগতে অসমতো  বিভিন্ন স্থানত ভাৰতীয় জনতা পাৰ্টিযে "সেৱা পষেক"  "কাৰ্যসূচী ৰূপায়ণ  কৰি আহিছে । দলেৰ  কেন্দ্ৰীয় আৰু ৰাজ্যিক কমিটীৰ নিৰ্দেশ অনুসৰি তেনে  কাৰ্যসূচীৰ অংশ হিচাপে  ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বৰাক উপত্যকাটো স্বচ্ছতা অভিযান ৰূপায়ণ হয় বুলি দলীয় সূত্ৰত প্ৰকাশ।বৰাকৰ কাছাৰ জিলাৰ বৰ জালেংগাত বিজেপি দলৰ লগতে অবিচি মৰ্চাৰ সহযোগত অনুষ্ঠিত হোৱা স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ  পৰিবহণ , মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ বাবে প্ৰতিদিনে নতুন চিন্তা কৰি আহিছে। বিশ্ব দৰবাৰত ভাৰতবৰ্ষক সুন্দৰ ভাৱে প্ৰতিষ্ঠা কৰিছে।ভাৰত বৰ্ষৰ ১৩০ কোটি জনসাধাৰণক বিকাশৰ  পথত অগ্ৰসৰ কৰাবলৈ প্ৰতিদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেষ্টা কৰি আহিছে । বৰ জালেঙা আইৰং মাৰাত অনুষ্ঠিত হোৱা স্বচ্ছতা অভিযান কাৰ্যসচীত মন্ত্ৰী গৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে । অনুষ্ঠানটোত কাছাৰ জিলাৰ বিজেপি সভাপতি বিমলেন্দু ৰায়,  সাধাৰণ সম্পাদক শশাঙ্ক চন্দ্ৰ পাল, সম্পাদক সৌমিত্ৰ দেব,পশ্চিম ঢলাই জিলা পৰিষদৰ সদস্যা লক্ষী ৰাণী যাদৱ, কাৰ্যালয়  সম্পাদক সুদৰ্শন চৌধুৰী,বৰ যালেঙা মণ্ডল বিজেপিৰ সভাপতি সুশীল ৰঞ্জন ধৰ,বৰ জলেঙা ব্লকৰ আঞ্চলিক সভাপতি সুবোধ দাস,কাছাৰ জিলা বিজেপি অবিছি মৰ্চাৰ সভাপতি কৃষ্ণ জীৱন দেবনাথ,সুজিত কুমাৰ দাস আদি উপস্থিত আছিল।উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্ম দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰদৰ্শনী আদিৰো কৰিছে  দলটোৱে। উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰৰ" পৰা চলি থকা সেৱা পষেক" কাৰ্যসূচী  ১৬ দিন অৰ্থাৎ ২ অক্টোবৰ পৰ্য্যন্ত চলিব বুলি দলৰ সূত্ৰত প্ৰকাশ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here