প্ৰখ্যাত সমাজকৰ্মী, উদ্যোগপতি ড॰ অশোক ধানুকাক ‘ফিলনথ্ৰপিষ্ট অফ দা ইয়েৰ’ বঁটা প্ৰদান নিউজ১৮ নেটৱৰ্কৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 September 2022

প্ৰখ্যাত সমাজকৰ্মী, উদ্যোগপতি ড॰ অশোক ধানুকাক ‘ফিলনথ্ৰপিষ্ট অফ দা ইয়েৰ’ বঁটা প্ৰদান নিউজ১৮ নেটৱৰ্কৰ


 

W7s news :গুৱাহাটী: অসমৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা প্ৰখ্যাত সমাজকৰ্মী তথা উদ্যোগপতি ড॰ অশোক ধানুকাক নিউজ১৮ নেটৱৰ্কে ২০২২ বৰ্ষৰ উৎকৰ্ষ বঁটা ‘‘ফিলনথ্ৰপিষ্ট অফ দা ইয়েৰ’’ বঁটা প্ৰদান কৰে৷ গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত নিউজ১৮ অসম নৰ্থইষ্টে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই অসমৰ সামাজিক ক্ষেত্ৰখনত তেওঁৰ অৱদানৰ বাবে ড॰ ধানুকাক স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানটোত নিউজ১৮ নেটৱৰ্ক গ্ৰুপৰ সম্পাদক  ৰাজেশ ৰাইনা, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ সময়ত ড॰ ধানুকাক নেতৃত্বত ৫২ হাজাৰৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়াকৈ কোভিড ভেকছিনৰ প্ৰথম আৰু দ্বিতীয় পালি ড’জ প্ৰদান কৰা হৈছিল৷ কেৱল এয়াই নহয়, শ্ৰী গুৱাহাটী গৌশালা আৰু মাৰোৱাৰী চিকিৎসালয়কে ধৰি বিভিন্ন সমাজ কল্যাণমূলক কামত ড॰ ধানুকাক সদায় গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে৷ বৰ্তমান ড॰ ধানুকাক শ্ৰী গুৱাহাটী গৌশালাৰ ট্ৰাষ্টীই  ইনচাৰ্চ হিচাপে সেৱা আগবঢ়াই আছে৷ ড॰ ধানুকাক আগবঢ়োৱা নিঃস্বাৰ্থ  সেৱাৰ বাবে তেওঁক নিউজ১৮ নেটৱৰ্কে এই সন্মান প্ৰদান কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here