গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠান গোষ্ঠীৰ দীক্ষান্ত সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 September 2022

গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠান গোষ্ঠীৰ দীক্ষান্ত সমাৰোহ

 


W7s news গুৱাহাটী: আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইন্স্টিটিউত অৱ মেনেজমেন্ট এণ্ড টেকন'লজি (জি আই এম টি) আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ  ফাৰ্মাছিটিকেল চাইঞ্চয়ে ১০ ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠানত ১১ তম দীক্ষান্ত সমাৰোহ আয়োজন কৰে।  কোয়েল সৰকাৰৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত দুয়োখন প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা সমবেত সঙ্গীত পৰিবেশন কৰা হয়। বন্তি প্ৰজলনৰ পাচৰ আৰম্ভনী ভাষণ আগবঢ়াই শ্ৰীমন্তশংকৰ একাডেমী গোষ্ঠীৰ সভাপতি  ৰাতুল দাসে। দুয়োখন প্ৰতিষ্ঠানৰ অধ্যক্ষদ্বয় ক্ৰমে অধ্যাপক ড: থুলেশ্বৰ নাথ আৰু অধ্যাপক ড: পি মালাইৰাজনে ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যে ভাষণ আগবঢ়ায়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে  টি চি টি এল পেকেজিং লিমিটেড , ছয়গাঁৱৰ সহকাৰী উপ সভাপতি  প্ৰণৱজিৎ হাজৰিকা। ভাষণ প্ৰসঙ্গত তেখেতে কয় যে শিক্ষাগত অৰ্হতা সম্পূৰ্ণকৈ আয়ত্ব  কৰাৰ সমান্তৰালকৈ  প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাস্তৱ সমাজৰ সৈতে নিজকে চলাই নিব পৰাকৈ মানসিক ভাৱেও  প্ৰস্তুত কৰিব লাগে। ইয়াৰ উপৰিও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ছিগনোভা হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড , আমিন গাঁৱৰ পৰিচালন সঞ্চালক  বিজয় কুমাৰ আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড: কৰ্দপ দাস। মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড: মৃদুল হাজৰিকা। অনুষ্ঠানত প্ৰত্যেক বিভাগৰে সৰ্বোচ্চ স্থান দখল কৰা ছাত্ৰ ছাত্ৰীক স্মাৰক প্ৰদানেৰে অভিনন্দন জনোৱা হয়। প্ৰত্যেকটো বিভাগৰ সৰ্বোচ্চ স্থান প্ৰাপ্ত তিনি গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিষ্ঠানৰ তৰফৰ পৰা মানপত্ৰ আৰু নগদ ধন ৰাশিৰে সম্ভাষণ জনোৱা হয়। উতীৰ্ণ  ছাত্ৰ-ছাত্ৰীসকলক মান পত্ৰ প্ৰদান কৰা হয়। শলাগৰ শৰাই আগবঢ়ায় জি আই পি এছ ৰ সহযোগী অধ্যাপক ড: দীপাংকৰ সাহাই। অধ্যাপক সঞ্চিতা চেতিয়াই আঁত ধৰা অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীতেৰে  সামৰণি ঘটে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here