W7s news ষ্টাফৰিপোৰ্টাৰ:
: জনপ্ৰিয় শিল্পী জীনা ৰাজকুমাৰী পুণৰ লণ্ডনত অনুষ্ঠান পৰিবেশনৰ বাৱে নিমন্ত্ৰীত হৈছে। লোক সংগীত আৰু নৃত্যৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়ত সমাদৃত হৈ অহা শিল্পী গৰাকীয়ে ধাৰাবাহিক ভাৱে বিদেশৰ মাটিত অনুষ্ঠান পৰিবেশন কৰি আহিছে। যুক্তৰাজ্য অসম সাহিত্য সভাই অনুষ্ঠিত কৰিব লগা ৫৭৪ সংখ্যক শঙ্কৰ জয়ন্তীত গীত পৰিবেশনৰ বাৱে নিমন্ত্ৰীত হৈছে জীনা ৰাজকুমাৰী। লণ্ডনৰ কিংছ লেংলি কমিউনিটি চেন্টাৰত অগন্তক ৮ অক্টোবৰত জীনা ৰাজকুমাৰী আৰু তেওঁৰ দুই ছাত্রী অঞ্চিতা মহন্ত আৰু অনুস্মিতা মহন্তইও অনুষ্ঠান পৰিবেশন কৰিব। উল্লেখযোগ্য যে সদস্য সমাপ্ত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু লাউচত অনুষ্ঠিত সাংস্কৃতিক বিনিময় কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি প্ৰশংশিত হৈছিল শিল্পী গৰাকী। জীনা ৰাজকুমাৰীয়ে ইয়াৰ পূৰ্বে চিন, থাইলেণ্ড, লাউচ, ভূটান, নেপাল, বাংলাদেশ, ইংলেণ্ড আদিত নিয়মীয়াকৈ অনুষ্ঠান পৰিবেশন কৰি আহিছে। অগন্তক ৫ অক্টোবৰত শিল্পী দলটোৱে মুম্বাইৰ পৰা ডুবাই হৈ লণ্ডন অভিমুখে যাত্ৰা কৰিব।
No comments:
Post a Comment