লালগনেশত জেষ্ট এণ্ড জিল ইউনিচেক্স চেলুন মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 September 2022

লালগনেশত জেষ্ট এণ্ড জিল ইউনিচেক্স চেলুন মুকলি


 

 W7s গুৱাহাটী

গুৱাহাটী লালগনেশৰ শ্বস্তিক টাৱাৰত মুকলি কৰা হয় সর্ববৃহৎ জেষ্ট এণ্ড জিল ইউনিচেক্স চেলুন। প্রসিদ্ধ মেকাপ প্রশিক্ষক জুৰি শ‍ইকীয়াই আনুষ্ঠানিকভাৱে জেষ্ট এণ্ড জিল ইউনিচেক্স চেলুন মুকলি কৰে। আজিৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ইউএনআইবিআইচিৰ বিত্তীয় মুৰব্বী অশোক গুপ্তা, যুৱ মহিলা উদ্যোমী সৃষ্টি আগৰৱাল, মনোজ আগৰৱালৰ, বিনোদ চোনী লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্দৰ্ভত মেকাপ প্রশিক্ষক শ‍ইকীয়াই কয় যে সকলো ব্যক্তিয়ে ধুনীয়া হ'ব বিচাৰে। বিশেষকৈ যুৱতী তথা মহিলাসকলৰ বাবে বিশেষ সুবিধা দায়ক হ’ব এই ইউনিচেক্স চেলুন। এখন ছালৰ তলতে পুৰুষ তথা মহিলাই সকলো ধৰণৰ সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্রশাধন সামগ্রী ক্রয় কৰিব পাৰে। ইপিনে অনুষ্ঠানটোত চেলুনখনৰ মুৰব্বী তথা মহিলা উদ্যোমী সৃষ্টি আগৰৱালায়ে কয় যে ২০০০ বৰ্গ ফুটত মুকলি কৰা এই চেলুনত চুলি কটাৰ বাবে ছটা শাখা, দুটা পেডিকিয়ৰ শাখা, দুটা নেইল শাখাৰ লগতে সুকীয়াকৈ মহিলাৰ বাবে স্থাপন কৰা হৈছে ফেচিয়েল আৰু ব্রাইডেল মেকাপ শাখা। তেওঁ লগতে কয় যে এই চেলুনত পুৰুষে চুলি কটা, চেভিং, ফেচিয়েল আৰু চুলি ৰং কৰিব পাৰিব লগতে চেলুনত ব্যৱহাৰ কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড বিশেষকৈ ল'ৰিয়েল, কেভিন মাৰফিউ, অ'লে প্লেক্স, হুদা বিউটি, নাৰ্চ, টাৰটে মে'ককে আদি কৰি বিভিন্ন ব্ৰেণ্ডৰ প্ৰশাধন সামগ্ৰী। চেলুনখনত নিয়োজত সকলো বিউটিছিয়ানে প্রশিক্ষণপ্রাপ্ত। গ্রাহকে ছালৰ যিকোনো সমস্যাৰ বাবে প্ৰশিক্ষণপ্রাপ্ত বিউটিছিয়ানৰ পৰা পৰামৰ্শ ল'ব পাৰিব। ক'ৰনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চেলুনত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চেলুনত নিয়োজতি সকলো কৰ্মচাৰী প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে। বিশেষকৈ চেলুনৰ সকলো সামগ্ৰী সকলো সময়তে চেনিটাইজ কৰা হয়। গ্ৰাহকক উৎকৃষ্ট মানদণ্ডৰ সেৱা প্ৰদান কৰাই মূল লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে উদ্বোধনী অনুষ্ঠানৰ সংগতি ৰাখি কয় যে গ্রাহকে লাভ কৰিব বিশেষ অফাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here