সুৰসংগমৰ সংগীত আৰু নৃত্য মহোৎসৱত মঞ্চস্থ দেৱী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 September 2022

সুৰসংগমৰ সংগীত আৰু নৃত্য মহোৎসৱত মঞ্চস্থ দেৱী

 *


*


                                     


W7s news,,ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষাকেন্দ্ৰ সুৰসংগমৰ বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হয় ’সুৰসংগম সংগীত আৰু নৃত্য মহোৎসৱ’ ৷ যোৱা ১৭ আৰু ১৮ ছেপ্টেম্বৰত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেন্টাৰত এই মহোৎসৱ অনুষ্ঠিত হয়৷ মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰদৰ্শিত হয় ’দেৱী’৷ কথক নৃত্যশৈলীত প্ৰদৰ্শিত এই নৃত্যনাটিকা খনত দুৰ্গা দেৱীৰ চৰিত্ৰত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে আৰু আদ্যা দেৱীৰ চৰিত্ৰত অভিনেত্ৰী তথা কথক নৃত্যশিল্পী সুনীতা কৌশিকে অভিনয় কৰে৷ ’দেৱী’ত পোনপ্ৰথমবাৰৰ বাবে ওজাপালি, দেওধনি, আইনাম, ৰণচণ্ডী আদি কেইবাটাও অসমীয়া লোকসংস্কৃতিৰ কথকৰ সৈতে সংযোজন ঘটোৱা হৈছে৷ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধিৰ কৰিঅ’গ্ৰাফী আৰু পৰিচালনাৰে সজাই তোলা ’দেৱী’য়ে দৰ্শকৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয়৷ নৃত্যনাটিকাখনৰ চিত্ৰনাট্য আৰু সংগীত ভাস্কৰজ্যোতি ওজাৰ৷ মেঘৰঞ্জনী মেধি সহকাৰী নৃত্য পৰিচালক৷ অভিনেতা কপিল বৰাই ধাৰা বিৱৰণী দিয়া বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধি, অমৃতপ্ৰভা মহন্ত, সঞ্জয় শইকীয়া, ভাস্কৰজ্যোতি ওজা, মীনাক্ষী কলিতা, সবিতা বৰ্মন আৰু ধ্ৰুৱজ্যোতি বৰুৱাই কণ্ঠদান কৰে৷ নৃত্যনাটিকাখনৰ বাবে তপন বৰুৱাই কৰা আলোকসজ্জাই প্ৰেক্ষাগৃহত এক স্বৰ্গীয় আৰু মায়াময় পৰিৱেশৰ সৃষ্টি কৰে৷ উমাকান্ত সোণোৱালে মঞ্চসজ্জা কৰা ’দেৱী’ৰ ভিজুৱেল এফেক্ট আৰু এনিমেশ্বন কৌশিক নাথৰ৷ গ্ৰাফিক ডিজাইন আৰু ভি এফ এক্স সূৰ্যপ্ৰকাশ মেধিৰ৷ ছাউণ্ড ডিজাইন অভিজিত বৰ্মনৰ৷ গুৰু মৰমী মেধিৰ জ্যেষ্ঠ শিক্ষাৰ্থী সকলেও 'দেৱী’ত অংশগ্ৰহণ কৰে৷ মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে 'কথক’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয়৷ কথক শিক্ষাৰ্থী সকলৰ উপযোগীকৈ কথক নৃত্য গুৰু মৰমী মেধি আৰু তবলাবাদক দেৱাশিস তালুকদাৰে গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছে৷ কথক নৃত্যশৈলীৰ তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষাৰ এই গ্ৰন্থখন নৃত্যাচাৰ্য পদ্মশ্ৰী প্ৰাপক যতীন গোস্বামী, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰ, কথক গুৰু বিপুল  দাস, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেত্ৰী মলয়া গোস্বামী,  মঞ্জুলা হাজৰিকা আৰু মনীষা হাজৰিকাৰ উপস্থিতিত উন্মোচন কৰা হয়৷ মহোৎসৱৰ প্ৰথম দিনা সুৰসংগমৰ সংগীত আৰু নৃত্যৰ ন-পুৰণি শিক্ষাৰ্থী সকলৰ লগতে মৰমী মেধি, মেঘৰঞ্জনী মেধি আৰু জয়প্ৰকাশ মেধিয়েও অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here