গুৱাহাটীত আহমদীয়া মুছলিম জামাতৰ শান্তি সন্মিলনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 August 2022

গুৱাহাটীত আহমদীয়া মুছলিম জামাতৰ শান্তি সন্মিলনী

 

 " ঘৃণা নহয়  সকলোৰে বাবে ভালপোৱা" বিষয়ক শান্তি প্ৰতিষ্ঠাৰ মৌলিক পৰ্যালোচনা







W7s news গুৱাহাটী:   আহমদীয়া মুছলিম জামাতৰ গুৱাহাটী শাখাৰ উদ্দোগত আজি গুৱাহাটীস্থিত লিলি হোটেলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ মৌলিক দিশসমূহ সন্দৰ্ভত শান্তি সন্মিলনী অনুষ্ঠিত হয়। সন্মিলনীত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ , প্ৰতিনিধি আৰু ধৰ্মীয় গুৰুসকলে অংশগ্ৰহণ কৰি সাৰ্বজনীন ভ্ৰাতৃত্ববোধ আৰু শান্তিৰ বাবে জামাতে গ্ৰহণ কৰা দিশসমূহ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় সংগীতৰ লগতে কোৰান পাঠৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত


  অতিথি বৃন্দক আদৰণি জনোৱাৰ পাছত অহমদীয়া জামাতৰ এক সংক্ষিপ্ত পৰিচয় দাঙি ধৰা হয়। সন্মিলনীত জামাতৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি  মুজাহিদ আহমেদ শাস্ত্ৰীয়ে কয়---বিশ্বব্যাপী সম্প্ৰদায় আৰু বিশ্বক শান্তিৰ পথত পৰিচালিত কৰা জামাতৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। ঐশ্বৰিক নিৰ্দেশনা অনুসৰি ১৪০০ বছৰ পূৰ্বে ইছলামৰ পবিত্ৰ প্ৰতিষ্ঠাতা হজৰত মহম্মদ (ছাঃ) মানৱ জাতিৰ ওচৰত এই বাৰ্তা পঠাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আমাৰ বিশ্বাস সৰ্বশক্তিমান ঈশ্বৰে হজৰত মিৰ্জা গোলাম আহমদ (আঃ) ক ধৰ্মীয় যুদ্ধৰ অবসান, ৰক্তপাতক নিন্দা, নৈতিকতা, ন্যায় বিচাৰ আৰু শান্তি পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে পঠিয়াইছে। হজৰত মিৰ্জা মাছৰুৰ আহমদ (আঃ)ৰ নিৰ্দেশনাত সম্প্ৰদায়টোৱে শান্তি আৰু সাৰ্বজনীন ভ্ৰাতৃত্ব প্ৰতিষ্ঠাৰ কাৰণে কাম কৰাৰ লগতে দৰিদ্ৰ সকলৰ কল্যান আৰু উন্নতিৰ কাৰণে বিভিন্ন  কৰ্মত মনোনিবেশ কৰিছে। তদুপৰি 'হিউমেনিটী ফাৰ্ষ্ট' অধীনত জমাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো ভোক্তভোগী ৰাইজক সহাঁৰি দিয়ে। হজৰত মিৰ্জা মাছৰুৰ আহমদ (আঃ) বণৰ্না অনুসৰি  এই সময়ছোৱাত শান্তিৰ বাবে সকলোৱে ন্যায় বিচাৰৰ সৈতে কাম কৰিব লাগিব। নবী হজৰত মহম্মদ (ছাঃ)ৰ  মতে "আমাৰ দিগন্তক প্ৰশস্ত কৰা উচিত আৰু মাথোঁ নিজৰ কাৰণে যিটো ন্যায্য সেয়া নকৰি বিশ্বৰ কাৰণে সেই পিনে দৃষ্টি আকৰ্ষণ কৰিব লাগে। এইবোৰেই হৈছে এই সময়ত শান্তিৰ উপায়।আহমদীয়া মুছলিম সম্প্ৰদায়ৰ বিশ্বব্যাপী শান্তি সন্মিলনীৰ উদ্দেশ্য হ'ল বিভিন্ন স্তৰৰ মানুহক লৈ সমাজত শান্তি লাভ কৰাৰ এক বৃহত্তৰ লক্ষ্য অৰ্জন কৰা আৰু সিহঁতক অভিজ্ঞতা আৰু মত বিনিময়ৰ  মঞ্চ দিয়া। সন্মিলনীয়ে ইছলাম আৰু অন্যান্য ধৰ্মৰ গভীৰ উপলব্ধিৰ কথা প্ৰচাৰ কৰিছে আৰু স্থায়ী শান্তিৰ বাবে এটা ঐক্যবদ্ধ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ জৰিয়তে বিজ্ঞ আৰু ধৰ্মীয় প্ৰধান সকলক এক মঞ্চত  থিয় কৰাৰ উল্লেখযোগ্য উদ্যোগক বক্তা সকলে আহমদীয়া মুছলিম সম্প্ৰদায়ৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। "ভালপোৱা সকলোৰে বাবে ঘৃণা নহয়" থীম লৈ অনুষ্ঠিত সন্মিলনত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, মানবাধিকাৰ কৰ্মী ড' জুৰি গোস্বামী আৰু জোষ্ঠ সাংবাদিক ৰুণু হাজৰিকা,আমান আলী,ৰহিম বাদশ্বাহৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here