গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 August 2022

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 






W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে ৰেখা বৰকটকীৰ উপন্যাস 'লহমা' উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক তপন কুমাৰ শৰ্মা কয়-এই উপন্যাসখনত তিনিখন দেশৰ সংস্কৃতি, ইতিহাস, বিভিন্ন ঐতিহাসিক পৰ্যটন ক্ষেত্ৰৰ ভৌগোলিক অৱস্থিতিৰ লগতে সেই সমূহৰ মূল্যায়ন, খ্যাদ্য ভ্যাস, পৰম্পৰা আদি আদি অনেক তথ্য সন্নিবিষ্ট কৰা হৈছে।  সীমাৰ পৰিধি ভেদি সাত সাগৰ তেৰ নদী পাৰ হৈও জ্ঞান অন্বেষণ কৰিব পাৰি সেই কথা লেখিকাই এই সুন্দৰ উপন্যাস খনৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱালে। 'লহমা' এখন সুন্দৰ গ্রন্থ হিচাপে বিবেচিত হ'ব। গ্ৰন্থখন সকলোৱে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ। লেখিকাই এনেদৰে সাহিত্য চৰ্চা কৰি যাব বুলি আশা প্ৰকাশ কৰিলোঁ। তেওঁ লগতে অসমত পথৰ পুথিভঁৰাল, অসমীয়া ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।সভাত বিশিষ্ট জ্যেষ্ঠ সাংবাদিক দেৱজিত ভূঞাই কয়-বিদেশৰ বিভিন্ন অভিজ্ঞতা সূক্ষ্মভাবে তথা বৈজ্ঞানিকভাৱে আহৰণ কৰি  লেখিকাই গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে। লেখিকাই এখন বিশেষ গ্ৰন্থ অসমৰ সাহিত্য জগতলৈ উপহাৰ দিয়া বাবে ধন্যবাদ জনালোঁ। তেওঁ এনেদৰে সাহিত্য চৰ্চা কৰি যাব বুলি আশা কৰিলোঁ। তেওঁৰ পৰা আমি বহু সৃষ্টি আশা কৰিলোঁ। দশকৰ পৰা দশক ধৰি গ্ৰন্থ একোখন থাকি যাব।' সভাত বিশিষ্ট কবি বিপুল শৰ্মা,ভাষা প্ৰকাশনৰ প্ৰকাশক, লেখক মুকুট শৰ্মা উপস্থিত থাকে। পল্লৱিকা মহন্তই আঁত ধৰা সভাখনত বৰ্ণালী দাস, অনুলতা নাথ সিনহাৰ লগতে কেইবাজনো শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে কবিতা পাঠ কৰা হয়। সভাত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here