খানাপাৰাৰ কৃষি ভৱন চৌহদত এম অ' ভি চি ডি-এন ই আৰ অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 August 2022

খানাপাৰাৰ কৃষি ভৱন চৌহদত এম অ' ভি চি ডি-এন ই আৰ অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

 





'W7s news গুৱাহাটী: উত্তৰ পূৰ্বাঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেন্ট (এম অ' ভি চি ডি-এন ই আৰ ) -এ এখন জৈৱিক খুচুৰা বিপণী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে । এই উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ আয়োজন কৰে উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ সঞ্চালকালয়ে । অসমৰ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ দপ্তৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে ।  
এই জৈৱিক খুচুৰা বিপণী মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে চহৰবাসীৰ বাবে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী সহজে উপলব্ধ কৰা । এম অ' ভি চি ডি-এন ই আৰ, অসম আঁচনিৰ অধীনত বিভিন্ন জিলাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজে (এফ পি চি) এতিয়া গুৱাহাটীত এই বিপণীৰ জৰিয়তে তেওঁলোকৰ জৈৱিক সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব । এই অনুষ্ঠানত লগতে উপস্থিত থাকে আই এ এছ, কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, অসমৰ ডি অ’ এইচ আৰু এফ পিৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাসহ আন বিষয়ববীয়া । আধাৰশিলা স্থাপন কৰি মন্ত্ৰী অতুল বৰাই কয়,এম অ' ভি চি ডি-এন ই আৰ, অসম আঁচনিৰ অধীনত এফ পি চিৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত জৈৱিক কৃষি পদ্ধতি কাৰ্যকৰী কৰা হৈছে । শেহতীয়াকৈ অসমত জৈৱিকভাৱে উৎপাদিত নেমু আৰু আনাৰস লণ্ডন আৰু ডুবাইৰ দৰে বিদেশৰ বজাৰত বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । জৈৱিক সামগ্ৰীসমূহৰ স্বাস্থ্যজনিত উপকাৰীতাৰ প্ৰতি লক্ষ্য ৰাখি  জৈৱিক খুচুৰা বিপণী মুকলিৰ এনে পদক্ষেপে আমাৰ লোকসকলক স্বাস্থ্যকৰ সামগ্ৰী ব্যৱহাৰ কৰি সুস্থ জীৱন যাপন কৰাত সহায় কৰিব ।“

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here