আজাৰাত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 August 2022

আজাৰাত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

 


W7s news গুৱাহাটী : বিজেপিৰ  অসম ৰাজ্যিক কমিটিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে ৬ আৰু ৭ আগষ্টত পশ্চিম গুৱাহাটীৰ আজাৰা  কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ  এছ আই পি আৰ ডিত চৌহদত দুদিনীয়াকৈ 

 মহিলা মৰ্চাৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। বিভিন্ন জিলাৰ পৰা অহা প্ৰায় দুশ মহিলাৰ অংশগ্রহণেৰে আয়োজিত এই প্ৰশিক্ষণ শিবিৰ  ৬ ,আগষ্টত  মুকলি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি  , বিধায়ক ভৱেশ কলিতাই। ভাষণ প্ৰসংগত সভাপতি কলিতাই কার্যকর্তা নিৰ্মাণৰ প্ৰথম উপাদানেই প্রশিক্ষণ বুলি উল্লেখ কৰি প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত  এই প্রশিক্ষণ শিবিৰত উপস্থিত থাকে মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক অকনি দেৱী ,  বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় দিল্লুৰঞ্জন শৰ্মা, পুলক গোহাঁই, ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, ৰাজ্যিক উপ-সভাপতি অজয় কোঁৱৰ, মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, পীযূষ হাজৰিকা, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়া, আইনজীৱী তথা ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্তৰ সহ-কার্যবাহিকা সিমন্তিনী বৰুৱা, অধিবক্তা  উৰ্মি ডেকা, সাংসদ কুইন ওজা, বিজেপিৰ  মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদিকা ঐশ্বর্য বিশ্বাল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তসহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা সমূল ব্যক্তি হিচাপে উপস্থিত থাকি বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। কর্মকর্তা নিৰ্মাণৰ উপৰি মহিলাসকলক আত্মনিৰ্ভৰ তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই প্রশিক্ষণে সহায় কৰিব বুলি আশা প্রকাশ কৰে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই। আনহাতে  দুদিনীয়া শিবিৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত  বিজেপিৰ ৰাণী মণ্ডল কমিটিৰ সভাপতি হৰকান্ত নাথ , ৰাণী মণ্ডল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা কবিতা বড়ো ৰংপী , কৰ্মকর্তা ববিতা বৈশ্যকে ধৰি ৰাণী মণ্ডলৰ সকলো কাৰ্যকর্তাই সকলো ধৰণৰ সহায় আগবঢ়ায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here