নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবী ইয়ং আচামৰ, আন্দোলনলৈ সমৰ্থন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 August 2022

নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবী ইয়ং আচামৰ, আন্দোলনলৈ সমৰ্থন

 


W7s news গুৱাহাটী : নতুন পেঞ্চন নীতি ( এন. পি. এচ.) বাতিল কৰি পুৰণি পেঞ্চন নীতি ( অ. পি. এচ.)  বাহাল ৰখাৰ কাৰণে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ  আজিৰ ৰাজ্যযোৰা আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ইয়ং আচামৰ আহ্বায়ক কমিটিয়ে। এক প্ৰেছ বিবৃতিযোগে ইয়ং আচামৰ আহ্বায়ক কৃষ্ণ গগৈ, মনোজ সিংহ ৰাজা আৰু সুব্রত তালুকদাৰে কয় যে, নতুন পেঞ্চন নীতি কৰ্মচাৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্রত  এখন ভয়ানক আঁচনি।  নতুন পেঞ্চন নীতিৰ ফলত ৬০ বছৰ বয়সলৈ সেৱা কৰা কৰ্মচাৰী এগৰাকীয়ে  অৱসৰৰ পিছত টেবলেট খাবলৈও  চিন্তা কৰিব লগা হয়। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষাৰ স্বাৰ্থত এনপিএছ বাতিল কৰিব লাগে আৰু পুৰণি পেঞ্চন নীতি পুনৰ ঘূৰাই আনিব লাগে। ইয়ং আচামৰ ফালৰ পৰা প্ৰাপ্য অধিকাৰৰ কাৰণে ৰাজপথলৈ কৰ্মচাৰীসকল ওলাই অহা কাৰণে অভিনন্দন জনায় আৰু ভৱিষ্যতে এই আন্দোলন আৰু শক্তিশালী কৰাৰ কাৰণে আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here