সুৰিয়া চিমেণ্টৰ যোগদান হৰ ঘৰ তিৰঙ্গা অভিযানত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 August 2022

সুৰিয়া চিমেণ্টৰ যোগদান হৰ ঘৰ তিৰঙ্গা অভিযানত

 



W7s news গুৱাহাটী: উত্তৰ পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগ ক্ষেত্ৰখনৰ এক পছন্দৰ আৰু আগশাৰীৰ ব্ৰেণ্ড সুৰিয়া চিমেণ্টে আজি ৰাজ্যত 'হৰ ঘৰ তিৰঙ্গা' উদযাপন অভিযান আৰম্ভ কৰে।হৰ ঘৰ তিৰঙ্গা উদযাপন অভিযানৰ অংশ হিচাপে আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আকৰ্ষণীয় কৰিবলৈ সুৰিয়া চিমেণ্টে কামৰূপ মহানগৰ জিলাৰ সৰুতৰী আৰু মাৰোগদুলা গাঁওৰ ১০০টা পৰিয়ালৰ মাজত ভাৰতীয় জাতীয় পতাকা বিতৰণ কৰিব। তাৰ লগতে এই অভিযানৰ অংশ হিচাপে সুৰিয়া চিমেণ্ট ডিলাৰৰ বিপনী আৰু বিতৰকবোৰৰ ঘৰবোৰো ভাৰতীয় জাতীয় পতাকাৰে উজলি উঠিব। এই অভিযানটোৱে অসমৰ ৩০০খনতকৈ অধিক ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক সামৰি ল'ব।আনহাতে, সুৰিয়া চিমেণ্টে কামৰূপ মহানগৰৰ ১৪ মাইলৰ সোনাপুৰস্থিত তেওঁলোকৰ কাৰখানা চৌহদত ১২ আগষ্ট, ২০২২ তাৰিখে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছে। এই ক্ষেত্ৰত তেওঁলোকক অসমৰ কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি-য়ে সহযোগিতা আগবঢ়াইছে। কাৰখানা চৌহদৰ দাঁতিকাষৰীয়া বাসিন্দা আৰু তাৰ কৰ্মচাৰীসহ তেওঁলোকৰ পৰিয়ালে স্বাস্থ্যৱান জীৱন যাপন লাভৰ বাবে এই শিবিৰৰ আয়োজন কৰিছে।  এই সন্দৰ্ভত পূৰ্বাঞ্চল চিমেণ্টছ লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী মধুৰ আগৰৱালাই কয়; "এই অভিযানৰ দ্বাৰা আমি বিশ্বাস কৰোঁ যে মানুহৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত হ'ব আৰু যিসকলে অক্লান্তভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰিছিল তেওঁলোকৰ অৱদানৰ কথা স্মৰণ কৰিব।"এই উদ্যোগৰ আঁৰৰ ধাৰণাটো হ'ল জনতাক  আহ্বান জনায় ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট, ২০২২ লৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা। জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি আৰু ভাৰতীয় জাতীয় পতাকা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।'হৰ ঘৰ তিৰঙ্গা' হৈছে আজাদী কা অমৃত মহোৎসৱৰ অধীনত আৰম্ভ কৰা এক অভিযান, যাক ভাৰতৰ স্বাধীনতাৰ ৭৫ টা গৌৰৱময় বছৰত উদযাপন কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here