গুৱাহাটীৰ ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ শিক্ষাৰ্থীসকলৰ বাবে ডাবু ৰত্নানীৰ দ্বাৰা ফেশ্বন ফটোগ্ৰাফীৰ কৰ্মশালা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 July 2022

গুৱাহাটীৰ ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ শিক্ষাৰ্থীসকলৰ বাবে ডাবু ৰত্নানীৰ দ্বাৰা ফেশ্বন ফটোগ্ৰাফীৰ কৰ্মশালা সম্পন্ন


 


W7s news গুৱাহাটী : বলীউদৰ প্ৰতিষ্ঠিত ফেশ্বন ফটোগ্ৰাফাৰ ডাবু ৰত্নানীৰ তত্ত্বাৱধানত আজি গুৱাহাটীস্থ ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীক এক ফেশন ফটোগ্রাফী কর্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত অংশগ্ৰহণ কৰি বিশিষ্ট ফটোগ্ৰাফাৰগৰাকীয়ে ফটোগ্ৰাফীৰ বাবে প্রয়োজনীয় কঠোৰ সাধনা, পৰিশ্ৰম তথা ধৈর্যৰ বিষয়ে উল্লেখ কৰে আৰু নিজৰ জীৱনৰ বিভিন্ন পৰিঘটনা সম্পর্কেও অৱগত কৰে। উল্লেখ্য যে ডাবু ৰত্নানী হৈছে দেশৰ তাৰকা আৰু ফেশন ফটোগ্ৰাফীৰ আন এক নামস্বরূপ। বলীউড়ত ২৫ বছৰৰ সুদীৰ্ঘ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী ফটোগ্ৰাফাৰৰ বছৰেকীয়া কেলেণ্ডাৰৰ বাবে প্ৰতিবছৰেই মনোৰঞ্জন জগতে অধীৰভাৱে অপেক্ষা কৰি থাকে। আজি অনুষ্ঠিত এই কর্মশালা সন্দৰ্ভত মন্তব্য কৰি ড্ৰীম হাউছ প্ৰডাকশ্যনৰ সঞ্চালিকা নীতা শৰ্মাই কয় যে এই কৰ্মশালাৰ একমাত্ৰ উদ্দেশ্য তথা লক্ষ্যই হৈছে ফেশ্বন ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ফটোগ্ৰাফাৰসকলক উদ্বুদ্ধ কৰাৰ উপৰি তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰা।” তেওঁ লগতে কয়, “অন্যান্য পৰিবেশ্য কলাৰ লগতে ফেশ্বন ফটোগ্রাফী ক্ষেত্ৰতো উত্তৰ-পূৱত যথেষ্ট প্ৰতিভা আছে, আৰু সেই বাবেই দেশৰ আটাইতকৈ চৰ্চিত ফটোগ্ৰাফাৰগৰাকীৰ পৰা প্ৰত্যক্ষভাৱে ফটোগ্ৰাফী শিকাৰ এক অনুভৱ প্ৰদান কৰাৰ বাবেই এই কর্মশালা আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।” ইফালে ডাবু ৰত্নানীয়ে গুৱাহাটীত উপস্থিত হৈয়েই কয় যে যিকোনো উদীয়মান ফটোগ্ৰাফাৰৰ বাবেই অসম প্ৰাচুৰ্য্যৰে ভৰপুৰ। তেওঁ লগতে কয় যে গুৱাহাটীৰ এই ড্রিম হাউছ মিউজিক এগু ফিল্ম একাডেমীলৈ তেওঁ অসম তথা উত্তৰ-পূৱৰ প্ৰতিভাসম্পন্ন ফটোগ্ৰাফাৰ আৰু উদীয়মানম ডেলসকলৰ সৈতে কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে আহি থাকিব। স্মর্তব্য যে উল্লেখ্য যে গুৱাহাটীৰ জু-ৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ ৪র্থ মহলাত ১৫০০০ বর্গফুট এলেকাত আছে এই ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ গুৱাহাটী কেন্দ্ৰটো। কৰ্মশালাৰ সমাপ্তিত অংশগ্রহণ কাৰী সকলক ড্রিম হাউছ মিউজিক এন্ড ফিল্ম একাডেমীৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়। ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ মাধ্যমেৰে শৈক্ষিক ক্ষেত্ৰতো সবল খোজ পেলাইছে। বিভিন্ন পৰিবেশ্য কলাৰ লগতে কাৰিকৰী শিক্ষা যেনে ফিল্ম এণ্ড টেলিভিছন প্রডাকশন, সাংবাদিকতা আৰু গণসংযোগ, ফেশ্বন আৰু টেটাইলছ ডিজাইন আদিৰো শিক্ষা প্ৰদান কৰা হ'ব এই শিক্ষানুষ্ঠানখনত। উল্লেখ্য, প্রতিষ্ঠানখনৰ মুখ্য কাৰ্যালয় আছে নয়দাত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here