W7s news গুৱাহাটী: প্ৰতি মাহৰ চতুৰ্থটো শনিবাৰে গুৱাহাটীস্থ বিৱেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় নৃত্য-গীতৰ এক মনোৰম অনুষ্ঠান 'সুৰৰ দেউল'। এইবাৰ ২৩ জুলাইত বিৱেকানন্দ কেন্দ্ৰ ইন্ষ্টিটিউত অৱ কালচাৰৰ উদ্যোগত অনুষ্ঠিত এইবাৰৰ 'সুৰৰ দেউল'ৰ শীৰ্ষক আছিল 'কথকৰ এসন্ধ্যা'। অনুষ্ঠানত মহানগৰীৰ ধ্ৰুপদী সংগীত আৰু নৃত্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান সুৰসংগমৰ ছাত্রী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মৰমী মেধিৰ জ্যেষ্ঠ শিষ্যা সুকন্যা বৰা, দেৱাৰতী চৌধুৰী আৰু সুনীতা কৌশিকে কথক নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আটাইকেইগৰাকীয়ে গুৰু মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিৰ নৃত্য সংৰচনাৰে এটা গণেশ বন্দনা পৰিৱেশন কৰে। তাৰপাছত তিনিওগৰাকীয়ে একক ভাৱে পৰম্পৰাগত কথক নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। পৰম্পৰাগত কথক নৃত্য পৰিৱেশনত তিনিওকে হৃষিকেশ শৰ্মাই তবলাত, দ্বীপেন্দ্ৰ শৰ্মাই বেহেলাত, হীৰক দাসে হাৰমনিয়ামত আৰু মেঘৰঞ্জনী মেধিয়ে ব'ল পঢ়ান্তত সংগত কৰে। কথকৰ বিভিন্ন শুদ্ধ নৃত্যৰ লগতে সুকন্যা বৰাই পৰিৱেশন কৰা 'ময়ূৰ গত' তথা তবলাৰ সৈতে কৰা যুগলবন্দী, দেৱাৰতী চৌধুৰীৰ তবলাৰে যুগলবন্দী আৰু সুনীতা কৌশিকৰ অভিনয়ে সকলোকে মোহাচ্ছন্ন কৰে। স্বনামধন্য কথক নৃত্য গুৰু বিপুল দাস, বিজয় শ্ৰীৱাস্তৱ, বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধি, মিতালী দে'কে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠান উপভোগ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ওডিছী নৃত্য গুৰু ড০ অঞ্জনাময়ী শইকীয়া আৰু মিনতি বৰ্মনে অনুষ্ঠানটোৰ আঁত ধৰে।
No comments:
Post a Comment