কামৰূপৰ বিভিন্ন স্থানৰ বানপীড়িতক সাহায্য বিতৰণ মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 July 2022

কামৰূপৰ বিভিন্ন স্থানৰ বানপীড়িতক সাহায্য বিতৰণ মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ

 



৫৫০ টা পৰিয়ালৰ লগতে পশু খাদ্য বিতৰণ


W7s news গুৱাহাটী ঃ অসমত হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত কেইবা লাখ লোক গৃহহীন হৈ পৰিছে। এনে পৰিস্থিতিত কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ পৰাই বানপীড়িতসকলৰ দুখ আৰু বেদনা ভাগ বতৰা কৰিবলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। মুম্বাইৰ প্ৰখ্যাত সমাজকর্মী মনোহৰলাল সিংহানিয়াই অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত হৈ উদ্বিগ্ন হৈ পৰে। অসমৰ বান বানপীড়িতসকলক সহায় কৰিবলৈ মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ সৈতে যোগাযোগ কৰে আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায়। সেই অনুসৰি তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰি ২৪ ঘণ্টাত ব্যাপক প্রস্তুতি চলাই, আজি কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৫৫০ টা পৰিয়ালৰ মাজত শুকান ৰেচন কিট বিতৰণ কৰা হয়। ইয়াৰ উপৰিও, ২০০ পেকেট পশু খাদ্য বিতৰণ কৰা হয়। ছাত্রীবাৰীৰ মহেশ্বৰী ভৱনৰ সন্মুখত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰোৱাৰী সন্মিলনৰ (পিপিএমএছ) প্রাদেশিক সভাপতি ওমপ্রকাশ খান্দেলৱালে মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ বান সাহায্য সামগ্ৰী কঢ়িয়াই অনা দুখনট্ৰাকৰ ফ্লেগ অফ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি খান্দেলৱালে কয় যে মাৰোৱাৰী সন্মিলনৰ গুৱাহাটী শাখাই দুৰ্যোগৰ সময়ত সদায় অগ্রণী ভূমিকা পালন কৰি আহিছে। কৰোনা কালত মাৰোৱাৰী সন্মিলনৰ দ্বাৰা কৰা কামএতিয়াও সমগ্ৰ দেশৰ বাবে এক উদাহৰণ হৈ আছে। মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ সভাপতি সুশীল গোৱেল, কাৰ্যকৰী সভাপতি প্রদীপ ভূৱালকা, সম্পাদক শংকৰ বিৰলা, কাৰ্যসূচী সমন্বয়ক আৰু উপ-সভাপতি ৰমেশ চান্দক আৰু প্ৰভাস পোদ্দাৰ, যুটীয়া সম্পাদক বিবেক সাংগানেৰিয়া, মাখনলাল আগৰৱালা, পিআৰঅ' সঞ্জিত ধৃত, উপদেষ্টা প্ৰমোদ হালালকা, বিনোদ জিন্দাল, গৌতম শৰ্মা, পৱন চাবু, বিকাশ জৈন, বিজয় চোপ্ৰা, মহাবীৰ চান্দাক, ব্ৰজেন কাকতিকে ধৰি কেইবাজনো উপস্থিত থাকে। বানপীড়িত পৰিয়ালসকলৰ মাজত বিতৰণ কৰা সাহায্য সামগ্ৰীৰ ভিতৰত আছিল চাউল, মাহজাতীয় শস্য, চিৰা, সৰিয়হতেল, চয়াবিন, মুৰি, ফলৰ ৰস, পেকেট যুক্ত খোৱা পানী, মমবাতি, মেচ আদি। মাৰোৱাৰী সন্মিলনৰ এই মানৱ সেৱাৰ কামক বানপীড়িত সকলে সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰে আৰু কয় যে তেওঁলোকে এই দুৰ্যোগৰ সময়ত দেখুওৱা দয়াক কেতিয়াও পাহৰিব নোৱাৰে। বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত, সকলো সদস্যই আত্মবিশ্বাসী হৈ পৰে আৰু ভৱিষ্যতেও এই অঞ্চলত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here