গুৱাহাটী জগন্নাথ ৰথযাত্ৰা আৰম্ভ - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 1 July 2022

demo-image

গুৱাহাটী জগন্নাথ ৰথযাত্ৰা আৰম্ভ

Responsive Ads Here

 

 


W7s news গুৱাহাটী : বিশ্ব শান্তি আৰু সমম্বয়ক মূল বিষয় হিচাপে লৈ ইস্কন গুৱাহাটীৰ উদ্যোগত শুকুৰবাৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় 

গুৱাহাটী জগন্নাথ ৰথযাত্ৰা ২০২২। উলুবাৰীৰ অস্পৰা বিবাহ ভৱনৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ শোভাযাত্ৰা জি এছ ৰোড হৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পত সামৰণি পৰে। এই উপলক্ষে উলুবাৰীৰ আশি অস্পৰা বিবাহ ভৱনত অনুষ্ঠিত এখন সভাত

ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয়

পৱিত্ৰ ৰথাযাত্ৰা ভাৰতীয় সমাজ সংস্কৃতিৰ গৌৰবময়, বৈভৱময় অংশ।  এই ৰথ যাত্ৰা এতিয়া কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই আধুনিক ৰাষ্ট্ৰতো 

ৰথ যাত্ৰাৰ আয়োজন হৈ আছে।' সভাত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় আমি ইয়াত আশীৰ্বাদ লবলৈ আহিছা। দ্বিতীয়বাৰৰ  বাবে মোক নিয়ন্ত্ৰণ জনাইছে ইস্কন গুৱাহাটীয়ে। জীৱনত কিবা ভাল কৰিছোঁ যাৰ বাবে এই সন্মান জনাইছোঁ।' সভাত ফৰিডাবাদৰ ইস্কনৰ ভক্ত হয়গ্ৰীৱ দাসে কয়-ধৰ্মৰ যিয়ে ৰক্ষা কৰে তেওঁক ধৰ্মই ৰক্ষা কৰে। জগতৰ নাথৰ দৃষ্টি সমগ্ৰ বিশ্বত আছে।'

 তেওঁ এই ৰথযাত্ৰাত জগন্নাথ লীলা কথাৰ বক্তৃতা আগবঢ়াব। সভাতবাংগালুৰুৰ পৰা অহা ভক্ত সৈ

তন‍্য দাসে।এই ৰথ যাত্ৰাৰ সফলতা কামনা কৰে। সভাত ইস্কনৰ ভক্ত শশী দুলালৰ লগতে অন্যান্য ভক্ত সকল উপস্থিত থাকে। ইস্কন গুৱাহাটীৰ ভক্ত

গজেন্দ্ৰ নাথ খাউণ্ডে সভাখন আঁত ধৰে। আনহাতে 

ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়াই এই ৰথযাত্ৰাৰ শুভাৰম্ভ কৰে।

ইস্কন গুৱাহাটীৰ ৰথযাত্ৰাত  বহু সংখ্যক ভক্তই 

অংশগ্ৰহণ কৰে। ২১ বছৰ সম্পূৰ্ণ কৰিলে ইস্কন গুৱাহাটীৰ ৰথযাত্ৰাই। ৯ জুলাইত ওল্টা ৰথ যাত্ৰাৰে 

ইস্কন গুৱাহাটীৰ ৰথ যাত্ৰাৰ সামৰণি পৰিব।


উল্লেখ্য, শুকুৰবাৰে মণিপুৰী বস্তি জগন্নাথবাড়ী সেৱা সমিতি, উত্তৰ-গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰ, শ্ৰী শ্ৰী উৎকল সেৱা সমিতি, পল্টন বজাৰ শ্ৰী চৈতন্য গৌড়িত মঠ আদিৰ উদ্যোগতো ৰথ যাত্ৰা উলিওৱা  লয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *