W7s news গুৱাহাটী: কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহাযোগৰ পবিত্ৰ পৰ্ব্ব পালন কৰা হ'ব। অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ'ব ২২ জুনৰ ৰাতি ৮ বাজি ১৮ মিনিট যোৱাত। ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনত পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। ২৬ আৰু ২৭ জুনত বিশেষ দৰ্শনৰ (৫০১ টকাৰ) ব্যৱস্থা বন্ধ থাকিব। ২২ জুনত দেৱালয়ৰ দুৱাৰ ৪:০০ বজাত আৰক্ষণ স্থলীত বন্ধ কৰা হ'ব। আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত লব লগীয়া ব্যৱস্থাবলী ক্ৰমে
ক) এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীর্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব।
খ) কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ পথছোৱাত মাজে মাজে খোৱাপানী, জিৰণিচ'ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব।
গ) এইবেলি অম্বুবাচীৰ সময়ত যাত্ৰী সকলে মন্দিৰ পৰিক্ৰমাৰ পাছত পশ্চিম দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব।
ঘ) আইন শৃঙ্খলা আৰু তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্ম্মী, ৪০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছারেক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্ম্মী নিয়োগ কৰা হ'ব। ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৩০০ চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হ'ব।
দেৱালয়ৰ নিজা ২০০ জন চাফাই কৰ্ম্মীৰ উপৰিও ১০০ জন অস্থায়ী চাফাই কৰ্ম্মী নিয়োগ কৰা হ'ব।
চ) ২৬ জুনত দেৱীৰ দৰ্শনৰ বাবে সমাবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণিচ'ৰা, চিকিৎসা সেৱা, প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে।
ছ) অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্য সকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে।
জ) অম্বুবাচী মহাযোগৰ সময়ত যাতে স্বচ্ছতা অক্ষুন্ন থাকে সেই উদ্দেশ্য হাতত ৰাখি কামাখ্যা অঞ্চল ধঁপাত মুক্ত কৰা হৈছে। লগতে কভিডৰ সুৰক্ষাৰ প্ৰতি লক্ষ ৰাখি ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ বাবে জনোৱা হ'ল।
অম্বুবাচী মহাযোগৰ সময়ত সকলো তীৰ্থযাত্ৰীৰ তৰফৰ পৰা সহায় সহযোগীতা কামনা কৰা কৰিছে কামাখ্যা দেৱালয় পৰিচালনা কমিটিয়ে।
৪) অম্বুবাচী মহাযোগৰ সময়ত তীৰ্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্য্যাপ্ত পৰিমানৰ ৰাখিবৰ বাবে প্ৰশাসনক অনুৰোধ জনোৱা হ'ল।
শনিবাৰে কামাখ্যা ধামত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে মন্দিৰৰ বিষয় ববীয়াই।
No comments:
Post a Comment