ড° হিমন্ত বিশ্ব শৰ্মাৰ ৩৫ টা বক্তৃতাৰ একত্ৰ সংকলন, ’মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন’ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 June 2022

ড° হিমন্ত বিশ্ব শৰ্মাৰ ৩৫ টা বক্তৃতাৰ একত্ৰ সংকলন, ’মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন’ উন্মোচন


*মুখ্যমন্ত্ৰীৰ ভাষণে অসমৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰি দিব পাৰে: মন্ত্ৰী পীযুষ হাজৰিকা*




W7s news গুৱাহাটী: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী  পীযুষ হাজৰিকাই বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৩৫ টা বক্তৃতা একত্ৰিত কৰি জনসংযোগ সঞ্চালকালয়ে প্ৰকাশ কৰা ’মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন’ শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে অংশ লয় | ২০২১ ৰ জুলাইৰ পৰা ২০২২ চনৰ মে’ মাহলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অনুষ্ঠানত প্ৰদান কৰা কেইটামান নিৰ্বাচিত বক্তৃতা সম্পাদিত ৰূপত প্ৰকাশ কৰা ’মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন’ উন্মোচন কৰি দিয়া বক্তব্যত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিকোনো পৰিস্থিতিতে সন্মূখৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰিব পাৰে | মন্ত্ৰীগৰাকীয়ে লগতে কয় যে  মুখ্যমন্ত্ৰীৰ প্ৰায় ২০০৯ আৰু ২০১১ চনৰ দুটা ভাষণ, যি সময়ত ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাছিল যদিও অসমৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, তেঁওৰ দৃষ্টিত দুটা কালজয়ী ভাষণ | 

প্ৰথমতে নদীবান্ধৰ বিপক্ষে ৰাজ্যখনত প্ৰায় দুই বছৰ ধৰি ব্যাপক আন্দোলন চলি থকাৰ সময়ত ২০০৯ চনৰ কোনোবা এটা দিন বিধানসভাত তেতিয়াৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নদীবান্ধ বিৰোধী আন্দোলনৰ বিৰোধিতা কৰি এটা বক্তব্য প্ৰদান কৰিছিল যি বক্তব্যৰ পাছত অসমত এক প্ৰকাৰে নদীবান্ধ বিৰোধী আন্দোলন প্ৰায় স্তিমিত হৈ পৰিছিল | মন্ত্ৰী হাজৰীকাই কয়, "মই এই মূহুৰ্তত নদীবান্ধৰ বিৰুদ্ধে কৰা আন্দোলনৰ সপক্ষে অথবা বিপক্ষে একো ক’ব খোজা নাই, কিন্তু সেইখিনি সময়ত ই এটা ডাঙৰ ৰাজনৈতিক বিষয় আছিল আৰু ড° হিমন্ত বিশ্ব শৰ্মাই নদীবান্ধৰ সপক্ষে বিধানসভাত ৰখা তেখেতৰ প্ৰায় ডেৰ ঘন্টাযোৰা বক্তৃতাৰ পৰৱৰ্তী পৰ্যায়ত নদীবান্ধবিৰোধী আন্দোলন প্ৰায় স্তিমিত হৈ পৰি তাৰ প্ৰায় এটা বছৰৰ পাছত সেই সময়ৰ চৰকাৰখনে পুনৰ বাৰ ৭৮ খন আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল |" মুখ্যমন্ত্ৰীগৰাকীৰ আন এটা ভাষণৰ কথা কবলৈ গৈ মন্ত্ৰী হাজৰীকাই কয় যে ২০১১ চনত বাংলাদেশক মাটি এৰি দিয়াক লৈ বিধানসভাৰ ভিতৰে বাহিৰে বিৰোধী দলসমূহে চৰকাৰৰ বিপক্ষে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল | সেই সময়ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰীকা, পল্লৱ লোচন দাস, জয়ন্ত মল্ল বৰুৱা, সুশান্ত বৰগোঁহাই আদিকে ধৰি এটা দল সীমান্ত অঞ্চল ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে পঠাইছিল | ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে যোগান ধৰা তথ্যৰ ভিত্তিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত প্ৰায় ডেৰ ঘন্টা যোৰা ভাষণ ৰাখি বাংলাদেশক মাটি এৰি দিয়াৰ বিষয়ত ভাৰত তথা অসমৰ লাভালাভখিনি তথ্য আৰু যুক্তি সহকাৰে তন্ন তন্নকৈ বুজাই দিছিল আৰু ইয়াৰ পাছৰপৰাই সেই বিষয়টোয়ে ক্ৰমান্নয়ে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ পৰা প্ৰায় নাইকিয়া হোৱাৰ দৰে হৈ পৰিছিল, মন্ত্ৰী পীযুষ হাজৰীকাই কয় | 


আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লাখৰো অধিক শ্ৰোতাৰ সন্মূখত উদাত্ত কণ্ঠেৰে ভাষণ দিয়ে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে তেওঁৰ ভাষণে অসমৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰি দিব পাৰে | "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত অসমৰ সামাজিক পৰিৱেশ সলনি কৰি দিয়া আমি দেখিবলৈ পাইছো", মন্ত্ৰী গৰাকীয়ে কয় | 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক ক্ষেত্ৰখনত সাধাৰণ মানুহক প্ৰভাৱাম্বিত কৰি তেওঁৰ ৰাজনৈতিক দলক নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিক জিকাই অনাতো যথেষ্ট ভূমিকা গ্ৰহণ কৰে বুলি মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে | আনহাতে মুখ্যমন্ত্ৰী গৰাকীৰ ৰাজনৈতিক যাত্ৰাপথত তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবঢ়া মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তৃতাৰ মূল্যায়ন কৰাটো একেবাৰে সম্ভৱ নহয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে |     

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই অংশগ্ৰহণ কৰি কিতাপখন প্ৰকাশৰ আঁৰৰ পৰিকল্পনা সম্পৰ্কে জানিবলৈ দিয়ে। লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ অতি আকর্ষণীয়, তথ্য সমৃদ্ধ, ইতিহাসসমৃদ্ধ, গৱেষণাপুষ্ট, সুপৰিকল্পিত আৰু উন্নয়নমূলক বিভিন্ন অনুষ্ঠানৰ ভাষণসমূহ একগোট কৰি প্ৰবন্ধৰ ৰূপ দি গ্ৰন্থখন সংকলন কৰি উলিওৱাৰ বাবে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজৰ আলাপ-আলোচনাৰ ভিত্তিত সৃষ্টি হোৱা গীতাৰ উপমাৰে প্ৰধান সচিবগৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখনিও সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটৰ এক প্ৰেৰণাদায়ক আৰু উৎসাহদায়ক দস্তাবেজ হিচাপে পৰিগণিত হ'ব।

বিশিষ্ট সাহিত্যিক তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° মালিনী গোস্বামীয়ে উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰন্থখনৰ এক সমালোচনামূলক ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে, এখন গ্ৰন্থৰ জন্ম এখন সমাজৰ বাবে এক কল্যাণমূলক কৰ্ম । তেওঁ আৰু কয় যে ভাষণ এটা কলা, যি কলা প্ৰাচীন ভাৰতবৰ্ষৰ বেদ উপনিষদ, গীতা, পুৰাণ আদিৰ সৃষ্টিত সংপৃক্ত হৈ আছে এক ইতিহাস য’ত গুৰুগম্ভীৰ, ৰাজনীতি, সমাজনীতি, নৈতিকতা, আধ্যাত্মিকতা আদি বিষয়ৰ বিভিন্ন জ্ঞানগম্ভীৰ ভাষণ সংকলিত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখন এখন বাগ্মীতাৰ উপাদানেৰে পৰিপুষ্ট, ইতিহাস পুৰাণৰ দৰে বন্ধু সদৃশ বুলি মন্তব্য প্ৰকাশ কৰি ড°গোস্বামীয়ে কয় যে, গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে ই এখন নিৰ্ভৰযোগ্য তথ্য সমৃদ্ধ গ্ৰন্থ য'ত অসম তথা ভাৰতবৰ্ষৰ ইতিহাস, উচ্চ শিক্ষা সম্পৰ্কীয় বিভিন্ন তথ্য, উৎসাহ যোগাব পৰা আত্ম সমালোচনা, আবেদনমূলক পৰামৰ্শ, দূৰদৃষ্টি, সমস্যা সমাধানৰ উপায়, সৃষ্টিশীল আৰু উন্নয়নমূলক চিন্তাৰে সমৃদ্ধ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ গ্ৰন্থখনক লৈ স্বৰচিত কবিতা পাঠেৰে গ্ৰন্থখনক ৩৫ ফুলেৰে সজ্জিত এধাৰি মালা বুলি মন্তব্য কৰে। উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক অসম বাণীৰ সম্পাদক দিলীপ চন্দনে কয় যে, বর্তমান তথ্য প্ৰযুক্তিৰ সময়ত অসমক আগুৱাই লৈ যাব পৰা শক্তিশালী নেতৃত্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মিক অনুভৱেৰে প্ৰদান কৰা বিভিন্ন অনুষ্ঠানৰ ভাষণসমূহে বিভিন্ন সময়ত জনসাধাৰণক পতিয়ন নিয়াব পৰা ক্ষমতা আছে। এই বক্তৃতাসমূহৰ প্ৰবন্ধ ৰূপ দিয়া গ্ৰন্থখন ভৱিষ্যতে অসমৰ ইতিহাসৰ খচৰা হিচাপে কাম কৰিব।

তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ বক্তৃতাক প্ৰবন্ধ ৰূপ দি সাহিত্যলৈ ৰূপান্তৰ কৰা গ্ৰন্থখন সাম্প্ৰতিক সমাজৰ প্ৰতিফলন, ভৱিষ্যতৰ ৰূপৰেখা আৰু ইতিহাসৰ উল্লেখযোগ্য সমল।

অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, সঞ্চালক বিষ্ণু কমল বৰা, জেষ্ঠ সাংবাদিক আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here