পিপিইকীট আৰু চেনিটাইজাৰ যোগানৰ কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ 'ইয়ং আছাম'ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 June 2022

পিপিইকীট আৰু চেনিটাইজাৰ যোগানৰ কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ 'ইয়ং আছাম'ৰ

 




W7s news ষ্টাফৰিপোৰ্টাৰ : দেশজুৰি চৰ্চিত তদানীন্তন স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ইয়ং আছামৰ আহ্বানত শতাধিক যুৱ ছাত্ৰ মহিলাই গুৱাহাটী ক্লাৱ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ কেলেংকাৰীৰ উচ্চ পর্যায়ৰ নিৰপেক্ষ তদন্ত কৰক, পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ কেলেংকাৰীৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰক, কভিড পুঁজিৰ হিচাপ ৰাজহুৱা কৰক, আৰোগ্য নিধিৰ ধন কলৈ গ'ল হিচাপ দিয়ক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। আজি প্ৰতিবাদী কাৰ্য্যসূচীত ইয়ং আছামৰ উপৰি আইছা, বিপ্লৱী যুৱ সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, এ আই এছ এফ, এ আই চি চি টি ইউৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। প্ৰতিবাদ কাৰী সকলক ইয়ং আসামৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, ছাদ্দাম হুছেইন, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱী, বিপ্লৱী যুৱ সন্থাৰ আহ্বায়ক ৰাজেন ৰাজ, পৰিমল গোড়, এ আই এছ এফৰ অভিজিৎ চক্রবর্তী  ,এ আই চি চি টি ইউৰ ৰাজ্যিক সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে সম্বোধন কৰি পি পি ই কীট কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিক ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ সকলো গণতান্ত্ৰিক সংগঠন আৰু ৰাইজলৈ আবেদন জনায়। উল্লেখযোগ্য যে ইতিমধ্যে ইয়ং আছামে পি পি ই কীট কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক আৰু অসম চৰকাৰৰ মূখ্য সচিবক স্মাৰক পত্র প্ৰদান কৰিছে। সংগঠনটোৱে কয় যে দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত অপৰাধীক আইনৰ বিচাৰ নোহোৱাকৈ এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক ক্ষমতা দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া পি পি ই কীট আৰু চেনিটাইজাৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক আৰু লগতে নিৰপেক্ষ তদন্তৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। কিন্তু  মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নী আৰু ব্যৱসায়ী সহযোগী জড়িত থকা এই বৃহৎ কেলেংকাৰীটোৰ তদন্তৰ দাবীক মিছা কথাৰে তল পেলোৱাৰ ষড়যন্ত্ৰতহে লিপ্ত হৈছে। মুখ্যমন্ত্রীৰ দৰে গুৰুত্বপূৰ্ণ পদবী গ্ৰহণ কৰি থকা এজন লোকৰ ক্ষেত্ৰত এই কথা ৰাজহুৱা স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী। চৰকাৰখনে অতিমাৰীৰ দৰে মানৱীয় দুৰ্যোগৰ সময়ত পদবীৰ অপব্যৱহাৰ  আৰু ৰাজহুৱা ধনৰ অপচয়েৰে কেলেংকাৰী সংঘটিত কৰাৰ ঘটনা   অক্ষমণীয় অপৰাধ আৰু নিৰ্বাচিত চৰকাৰখনে এই কেলেংকাৰীৰ  উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দায় কোনো অজুহাত, মিছা কথাৰে এৰাই চলিব নোৱাৰিব। উল্লেখযোগ্য যে ইয়াৰ আগেয়েও মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ ঘটনা ফাদিল হৈছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদবীত থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here