গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিক সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 June 2022

গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিক সভা

 




W7s news গুৱাহাটী : ডলু চাহ বাগিছাৰ উচ্ছেদৰ প্ৰতিবাদত মঙলবাৰে এ আই টি ইউ চি, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, অসম মজুৰি শ্ৰমিক ইউনিয়ন, টি ইউ চি চি, নিখিল ভাৰত কৃষক সভাৰ যৌথ আহ্বানত এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত দেৱজিৎ চৌধুৰী, জয়ন্ত গগৈ, পংকজ কুমাৰ দাস, চক্ৰেশ্বৰ কলিতা, আজাহাৰ হুছেইন, তপন দেৱনাথে সভাপতিত্ব কৰে। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে দেৱজিৎ চৌধুৰী, আৰু মূল প্ৰস্তাৱ উত্থাপন কৰে পংকজ কুমাৰ দাসে। সভাত বক্তব্য প্ৰদান কৰে মজুৰি শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মৃণাল কান্তি সোম, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাস, এ আই টি ইউ চিৰ ৰাজ্যিক সভাপতি মুনীন মহন্ত, এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতা, এ আই ইউ টি ইউ চিৰ নেতা প্ৰমোদ ভাগৱতী, টি ইউ চি চিৰ ৰফিকুল ইছলাম, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্ত, ইয়ং আসামৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি ৰ আহ্বায়ক ধীৰাজ দাস, কৃষক সভাৰ নেতা প্ৰণৱ দলে, বিশিষ্ট নাগৰিক ৰিতুৰাজ কলিতা, ঘনশ্যাম নাথ, সবিতা লহকৰ, বিদিশা বৰ্মণ, সাদ্দাম হুছেইন, ছমচেৰ আলি, বাবুল চৌধুৰী আদিয়ে। সভাত বিশিষ্ট বুদ্ধিজীৱী অপূৰ্ব কুমাৰ বৰুৱাৰ লিখিত বক্তব্য পাঠ কৰা হয়। নাগৰিক সভাই গ্ৰহণ কৰা

প্ৰস্তাৱসমূহ হৈছে ক্ৰমে জনশুনানীৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আৰু জনৰায়ক মান্যতা দিয়া, 

   ভূমি অধিগ্ৰহণ আইনৰ সকলো নিয়ম উলংঘা কৰি ডলু চাহ বাগিছাত পৰিকল্পিত ষড়যন্ত্ৰৰে  গ্ৰীণফিল্ড এয়াৰপৰ্ট নিৰ্মাণৰ নামত চলোৱা উচ্ছেদৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অনতি পলমে এই সিদ্ধান্ত বাতিলৰ দাবী, ভাৰত চৰকাৰে স্পষ্ট কৰিছে যে শিলচৰত কোনো গ্ৰীণফিল্ড এয়াৰপৰ্ট খোলাৰ চৰকাৰৰ প্ৰস্তাৱো নাই, অনুমোদনো নাই। অসম চৰকাৰেও কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দিয়া নাই। তেন্তে ডলু চাহ বাগিচাৰ ২৫০০ বিঘা মাটিত ৩০ লাখ চাহ গছ কিয় উচ্ছেদ কৰিলে? এই বিষয়ত গভীৰ ষড়যন্ত্ৰ নিহিত  থকাৰ সম্ভাৱনা  প্ৰকট হৈ পৰিছে আৰু সেয়ে  ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। 

অতিশীঘ্ৰে কৰ্মহীন স্থায়ী-অস্থায়ী শ্ৰমিক সকলক  কৰ্মসংস্থাপন দিব লাগে আৰু সংস্থাপন দিব নোৱাৰা পৰ্যন্ত চাহ শ্ৰমিকে লাভ কৰা মজুৰি প্ৰদান কৰিব লাগে। বাগিছাৰ পৰা ১৪৪ ধাৰা আৰু পুলিচ বাহিনী  প্ৰত্যাহাৰ কৰিব লাগে, পুলিচী নিৰ্যাতন বন্ধ কৰিব লাগে। চাহ উদ্যোগৰ মাটি আন উদ্যোগলৈ বা আন ব্যৱসায়লৈ হস্তান্তৰ কৰা বন্ধ কৰিব লাগে।নাগৰিক সভাই ডলু চাহ বাগিছাত ভুৱা এয়াৰপৰ্ট নিমাৰ্ণৰ নামত চলোৱা উচ্ছেদৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি অসমৰ মাননীয় ৰাজ্যপাল আৰু মুখ্য সচিবক বিভিন্ন শ্ৰমিক সংগঠন, গণতান্ত্ৰিক সংগঠন, বিৰোধী দল তথা নাগৰিকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা আৰু গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here