গুৱাহাটীত প্ৰভুজী পিউৰ ফুড ফ্ৰেন্সাইজি ষ্টোৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 June 2022

গুৱাহাটীত প্ৰভুজী পিউৰ ফুড ফ্ৰেন্সাইজি ষ্টোৰ মুকলি

 





W7s news ষ্টাফৰিপোৰ্টাৰ: ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু বিশ্বস্ত এফ এম চি জি ব্ৰেণ্ড প্ৰভুজী পিউৰ ফুড (হালডিৰাম ভুজিয়াৱালা লিমিটেডৰ দ্বাৰা প্ৰস্তুতকৃত) -এ গুৱাহাটীৰ জু ৰোডত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন এক্সক্লুছিভ ষ্টোৰ মুকলিৰে ভাৰতত ইয়াৰ বিকাশৰ যাত্ৰা অব্যাহত ৰাখিছে । এই ষ্টোৰখন মুকলিৰে প্ৰভুজীয়ে ইয়াৰ খুচুৰা ষ্টোৰ শাখাৰ সম্প্ৰসাৰণ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ বিতৰণ চেনেল মজবুত কৰিছে । এই ষ্টোৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই । মিঠাই আৰু নিমখীয়া খাদ্যৰ উন্নত পেকিঙৰ সৈতে গ্ৰাহকক গুণগত মানৰ আৰু স্বাস্থ্যকৰ সেৱা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে এই প্ৰভুজী ৰেষ্টুৰেন্ট তথা খুচুৰা ষ্টোৰখন ।এই ষ্টোৰখনত গ্ৰাহকক দেশৰ বিভিন্ন প্ৰান্তৰ ভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰ আগবঢ়োৱা হ’ব  । আমাৰ শ্ৰেষ্ঠ মানৰ পেকেজিং টেকএৱেৰ বাবেও সুবিধাজনক হ’ব  । বিশুদ্ধ সোৱাদ আৰু নিৰ্ভেজাল উপাদানেৰে প্ৰস্তুত কৰা খাঁটি মিঠাই ব্যাপক সম্ভাৰকউপলব্ধকহ’ব  এই ষ্টোৰখনত । গ্ৰাহকে চাইনিজ, উত্তৰ ভাৰতীয়, দক্ষিণ ভাৰতীয়কে ধৰি বিভিন্ন প্ৰকাৰৰ খাদ্য একেটা স্থানতে লাভ কৰিব পাৰিব । প্ৰভুজী পিউৰ ফুডে মিঠাই, মুখৰোচক খাদ্য সামগ্ৰী, আহাৰ আৰু শীতল পানীয়ৰ শাখাত বিস্তৃত সম্ভাৰ আগবঢ়াব । আন স্থানীয় বজাৰত পোৱাৰ দৰে আমাৰ ষ্টোৰতো ভুজিয়া, চানাচুৰ, মুঙ্গদাল, আলু ভুজিয়া উপলব্ধ হ’ব  ।আমাৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ  প্ৰভু শংকৰ আগৰৱালে গ্ৰাহকৰ সৈতে পোনপতীয়াকৈ সংযোগ স্থাপন কৰিব পৰাকৈ এই ষ্টোৰখন ডিজাইন কৰিছে । এই ষ্টোৰৰ জৰিয়তে এতিয়া  অতি সহজে আৰু প্ৰত্যক্ষভাৱে আমাৰ প্ৰস্তুতকৰণ গোটৰ পৰা সামগ্ৰীসমূহ আগবঢ়াব ।চানাচুৰ, মিক্সাৰ আৰু ডালমথৰ দৰে নিমখীয়া খাদ্য সামগ্ৰীকে ধৰি ৰসগোল্লা, গোলাব জামুন, পেথা আৰু ডান্দী কেকৰ দৰে বেকড সামগ্ৰী আৰু ছিৰাপ, আচাৰলৈকে আমাৰ ষ্টোৰত সকলো ভাৰতীয় ব্যঞ্জন মজুত থাকিব । আপোনাৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ লগতে প্ৰিয়জনক উপহাৰ দিবলৈও ইয়াত আকৰ্ষণীয় মূল্যত আশ্চৰ্যজকৰ ভাণ্ডাৰ লাভ কৰিব ।ষ্টেট-অব-দা-আৰ্ট খাদ্য প্ৰস্তুতকৰণ প্ৰযুক্তি, আধুনিক তথা স্বাস্থ্যসন্মত সৰঞ্জামৰ ব্যৱহাৰ, উন্নত মানৰ পেকেজিং আৰু ক্লিনিকেলি পৰীক্ষা কৰা উপাদানৰ সৈতে আমি স্নেকিঙক সঁচা অৰ্থত লোভনীয়কৈ প্ৰস্তুত কৰোঁ ।শক্তিশালী খুচুৰা বিক্ৰী বেকগ্ৰাউণ্ডত নিৰ্ভৰশীল, গ্লবেল স্বতন্ত্ৰ ডিজাইনাৰ আৰু উন্নত মানৰ যোগান শৃংখল উৎস, মজবুত সামগ্ৰী উন্নয়ন ক্ষমতা আৰু দক্ষ লজিষ্টিক ইক’ল’জীৰ ওপৰত ভৰসা কৰি আমি নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দিশে বাট মুকলি কৰিছোঁ । ব্ৰেণ্ড: প্ৰভুজী পিউৰ ফুড, হালডিৰাম ভুজিয়াৱালা লিমিটেডৰ দ্বাৰা প্ৰস্তুতকৃত গুৱাহাটীৰ, কৃষা মেগনাম অপেৰা টাৱাৰৰ সমীপত তলৰ মহলাত অৱস্থিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here