নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ বিশ্ব চাইকেল দিৱস উদ্ যাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 3 June 2022

নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ বিশ্ব চাইকেল দিৱস উদ্ যাপন

 


W7s news ষ্টাফৰিপোৰ্টাৰ:


ভাৰতবৰ্ষৰ স্বাধীনতা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গোটেই ভাৰত বৰ্ষতে এখন প্ৰদূষণ মুক্ত পৃথিৱী আৰু এক সুস্থ সৱল ৰোগ মুক্ত সমাজ গঠন কৰাৰ উদ্দেশ্য আগত ৰাখি নেহৰু যুৱ কেন্দ্ৰ সংগঠন গুৱাহাটী অসম আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যুটীয়া উদ্যোগত আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ প্ৰত্যক্ষ সহযোগত গুৱাহাটী মহানগৰৰ দুটা স্থানত বিশ্ব চাইকেল দিৱস শুকুৰবাৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠান খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেল পথাৰত শুভৰাম্ভ অনুষ্ঠান আৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সচিব ফাৰুক আলম, গুৱাহাটী জি. এম. চি'ৰ নৱ নিৰ্বাচিত পৰিষদ ৰত্না সিং আৰু অসীম শইকীয়া। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মান্দলিক সঞ্চালক দীপক কুমাৰে অনুষ্ঠানৰ উদেশ্য বাখ্যা কৰে। ক্ৰীড়া আৰু যুৱ কল্যানৰ উপ সচিব এছ শৰ্মা,যুটীয়া ক্ৰিয়া সঞ্চালক অন্তৰা গগৈ আৰু নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য,গাননিক আৰু কাৰ্য্য সূচী পৰিদৰ্শক জীৱন চন্দ্ৰ দলে উপস্থিত থাকে। পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা সৰু সজাই ষ্টেডিয়ামলৈ অনুষ্ঠিত চাইকেল ৰেলী পতাকা জোকাৰি অনুষ্ঠানিক ভাৱে শুভৰাম্ভ কৰে ফাৰুক আলমে। শতাধিক চাইকেল আৰোহিয়ে অংশ গ্ৰহণ কৰা চাইকেল ৰেলীয়ে মহানগৰীৰ বিভিন্ন পথ অতিক্ৰম কৰি ৰাইজৰ মাজত এক বিশেষ সজাগতা সৃষ্টি কৰে। অনুষ্ঠানৰ অংশ হিচাপে অসমৰ ঐতিহাসিক স্থান কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ হোৱা বিশ্ব চাইকেল দিৱস ৰেলী লতাশিল খেল পথাৰত সমাপ্ত হোৱা এই চাইকেল ৰেলী অনুষ্ঠানিক ভাবে পতাকা জোকাৰি শুভৰাম্ভ কৰে গুৱাহাটীৰ লোক সভাৰ সাংসদ কুইন ওজাই। এই অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক চয়েদ আলীয়ে অনুষ্ঠানৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে চাইকেল আৰোহী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ ২৭ খন জিলাৰ উন্নয়ন খণ্ডত চাইকেল ৰেলী অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here