আইএইচআৰচিৰ উদ্যোগত অম্বুবাচীৰ তীর্থযাত্ৰীসকলৰ বাবে ১৫ দিনীয়া শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 June 2022

আইএইচআৰচিৰ উদ্যোগত অম্বুবাচীৰ তীর্থযাত্ৰীসকলৰ বাবে ১৫ দিনীয়া শিবিৰ

 


W7s news গুৱাহাটী ঃ ইণ্টাৰনেশ্বনেল হিউমেন ৰাইডচ কাউঞ্চিল চমুকৈ আইএইচআৰচি গুৱাহাটী চেপ্তাৰৰ উদ্যোগত আৰু শ্ৰীশ্ৰী পণ্ডুনাথ দেৱালয় সমিতিৰ সহযোগত পাণ্ডুৰ গণেশ মন্দিৰৰ চৌহদত মা কামাখ্যা ধামলৈ অহা অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰীসকলৰ বাবে বাসস্থান আৰু খাদ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰ ১৬ জুনত আৰম্ভ কৰা হৈছিল আৰু ৩০ জুন সামৰণি পৰিব। ১৫ দিনিয়াকৈ আয়োজন কৰা এই শিবিৰত প্ৰায় ৬০০ ভক্ত স্থায়ীভাৱে থাকে আৰু প্ৰায় ৭০০০ ভক্তই দৈনিক খাদ্য গ্রহণ কৰি আছে। পুৱা চাহ আৰু বিস্কুট, দুপৰীয়াৰ আহাৰ ভাত, দাইল আৰু তৰকাৰী, সন্ধিয়া-চিৰা আৰু মুৰী, ৰাতিৰ আহাৰ ভাত, দাইল আৰু তৰকাৰী যোগান ধৰা হৈছে। শিবিৰটো মুখ্যতঃ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকর্মী ড° অশোক সৰাফে তেওঁৰ পিতৃ ন্যায়াধীশ ড° বি পি সৰাফ আৰু তেওঁৰ পুত্ৰ শিৱম সৰাফৰ সোঁৱৰণত আয়োজন কৰা হৈছে। উক্ত শিবিৰত চিকিৎসা সুবিধাও উপলব্ধ কৰা হৈছে। নিমাই দাস, কৈলাশ খেতান, ৰাজু আগৰৱালা, সঞ্জয় মৌৰ, অজয় মৌৰ, অমিত ভীমচাৰিয়া, অনুপম কেজৰিৱাল, নবীন সুৰেকা, অমল চক্ৰৱৰ্তী, ছানি দল, কৃষ্ণ দাস, নিত্যানন্দ গোস্বামী, লম্বু দাস, নবীন দাস, কালী দাস, ভাৰত দাস আৰু সানত সাধুকে ধৰি বহু লোকৰ সহযোগিতাত শিবিৰ সুন্দৰভাৱে পৰিচালিত হৈছে।  সংগঠনটোৰ সভাপতি সঞ্জয় কুমাৰ সুৰেকাই এই কথা জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here