উচ্চতম ন্যায়ালয়ত গোচৰ দিয়াত খড়্গহস্ত বাগিছা কতৃপক্ষঃ গোচৰ উঠাই লবলৈ শ্ৰমিকক ভাবুকি-*চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 May 2022

উচ্চতম ন্যায়ালয়ত গোচৰ দিয়াত খড়্গহস্ত বাগিছা কতৃপক্ষঃ গোচৰ উঠাই লবলৈ শ্ৰমিকক ভাবুকি-*চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি

 



W7s news ষ্টাফৰিপোৰ্টাৰ:     চাহ  শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ  মুখ্য আহ্বায়ক বিবেক দাসে যোৰহাট জিলাৰ চতাই চাহ বাগিছাৰ কৰ্তৃপক্ষই একাংশ দালাল নেতাৰ সহযোগত বাগিচাখনৰ শ্ৰমিকক ভয় ভাবুকি দেখুৱাই প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰিবলৈ যি চেষ্টা চলাইছে তাক তীব্ৰ  ভাষাৰে গৰিহনা দিয়ে আৰু চটাই বাগিচা কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা লবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।উল্লেখ্য, লকডাউনৰ সময়চোৱাত চাহ শ্ৰমিকক মজুৰি আদায় দিবলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২০২০ চনৰ ২৮ মাৰ্চত এক নিৰ্দেশ প্ৰেৰন কৰিছিল। কিন্ত এই নিৰ্দেশ চাহ বাগিছাসমূহে কাৰ্যকৰী নকৰাৰ অভিযোগ কৰি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই উচ্চতম ন্যায়ালয়ত গোচৰ দিছিল।  সেই গোচৰৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ অধীনত গঠন হোৱা এজনীয়া বিচাৰ সমিতিয়ে লকডাউনৰ সময়চোৱাত মজুৰি লাভ নকৰা শ্ৰমিকৰ নাম তালিকা  জিলা শ্ৰম কাৰ্যালয়ত জমা দিবলৈ যোৱা ২ এপ্ৰিল তাৰিখে নিৰ্দেশ দিয়ে। ইয়াতে  মালিকপক্ষ আতংকিত হৈ শ্ৰমিকক ভাবুকি প্ৰদৰ্শনৰ দৰে বে-আইনী পন্থাৰ আশ্ৰয় লৈছে। এই ক্ষেত্ৰত  যোৱা ১১ মে' তাৰিখে যোৰহাট  জিলাৰ চতাই চাহ বাগিছাৰ কৰ্তৃপক্ষই একাংশ দুৰ্বৃত্তৰ সহযোগত চতাই চাহ বাগিছাখন বে-আইনী ভাৱে বন্ধ কৰি জিলা শ্ৰম বিষয়াৰ ওচৰৰ পৰা অভিযোগ উঠাই আনিবলৈ হেচা প্ৰয়োগ কৰে। ইমানেই নহয় অভিযোগ উঠাই নললে অনিৰ্দিষ্ট কাললৈ বাগিছা বন্ধ কৰিব বুলিও ভাবুকি প্ৰদান কৰে। একে ধৰনৰ ঘটনা তিনিচুকীয়া জিলাৰ  কুমচাং চাহ বাগিছাতো সংঘটিত হোৱাৰ কথা সদৰী কৰে দাসে। এই বাগিচাত আইনী প্ৰাপ্য বিচাৰি সহকাৰী শ্ৰম আয়ুক্তৰ ওচৰত আবেদন জনোৱাৰ বাবে পদ্মা তাতী নামৰ এগৰাকী মহিলা শ্ৰমিকক কামৰ পৰা বৰ্খাস্ত কৰে কতৃপক্ষই। শ্ৰম মন্ত্ৰীৰ গৃহ জিলাতে চাহ শ্ৰমিকৰ এনে অসুৰক্ষিত অৱস্থাত উদ্বেগ প্ৰকাশ  কৰি  সংগঠন কেইটাৰ যৌথ সমিতিয়ে অনতিপলমে চতাই আৰু কুমচাং বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ  সুষমভাবে  কাৰ্যকৰী কৰাৰ পথ সুগম কৰিবলৈ দাবী জনাইছে। সংগঠন কেইটাই জনাইছে বুধবাৰে যোৰহাট  শ্ৰম আয়ুক্ত  আৰু জিলা উপায়ুক্তক  এই বিষয়ে লিখিতভাৱে অৱগত কৰা হৈছে।

বিবেক দাস,  মুখ্য আহ্বায়ক চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি

 , সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সভাপতি ষ্টিফেন লাক্ৰা ,

 , অখিল ভাৰতীয় চাহ মজদুৰ সংঘ সভাপতি

ৰয়েল চোৰেণ,সদৌ অসম আদিবাসী নাৰী সন্থাৰ

 সাধাৰণ সম্পাদক চিচিলিয়া তপ্ন,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক, 

মুবাৰক আলী, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক

জিতেন তাঁতী, 

অসম মজুৰি শ্ৰমিক ইউনিয়নৰ কৃষ্ণ গগৈয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here