২০০৯ চনৰ পূৰ্বৰ সমূদায় জাতিগত প্ৰমাণপত্ৰৰ শুদ্ধতা নিৰূপণ কৰক-আদিত্য খাখলাৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 May 2022

২০০৯ চনৰ পূৰ্বৰ সমূদায় জাতিগত প্ৰমাণপত্ৰৰ শুদ্ধতা নিৰূপণ কৰক-আদিত্য খাখলাৰী






১০ জুনত মাছখোৱাত জনজাতি অভিবর্তনৰ আয়োজন



W7s news ষ্টাফৰিপোৰ্টাৰ':২০০৯ চনৰ পূৰ্বে মহকুমা জনজাতি উন্নয়ন বৰ্ড আৰু সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প সমূহে ভালদৰে পৰীক্ষা নিৰীক্ষা নকৰাকৈ যধে মধে জাতিগত প্ৰমাণ পত্ৰ  প্ৰদান কৰা হৈছিল। যাৰ ফলত বহু অ-জনজাতিলোকে বিভিন্ন কৌশলেৰে জালিয়াতি কৰি জাতিগত প্ৰমাণপত্ৰ হস্তগত কৰি বিভিন্ন বিভাগৰ চাকৰি কৰি থকাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত জনজাতিৰ সংৰক্ষিত আসনত নামভৰ্ত্তি কৰি শিক্ষা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে-এই অভিযোগ সদৌ অসম ট্ৰাইবেল সংঘৰ। সোমবাৰে সংঘৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে এই অভিযোগ উত্থাপন কৰি কয়-২০০৯ চনৰ পূৰ্বৰ সমূদায় জাতিগত প্ৰমাণপত্ৰৰ শুদ্ধতা নিৰূপণ কৰাতো প্রয়োজনীয় হৈ পৰিছে। অসম চৰকাৰে যি পদ্ধতিৰে জাতিগত প্রমাণপত্ৰ প্ৰদান কৰিব বিচাৰিছে সেই পদ্ধতি নিখুঁত হোৱা উচিত। যাতে কোনো দুষ্ট চক্ৰই যাতে জালিয়াতি কৰি জাতিগত প্ৰমাণপত্ৰ হস্তগত কৰিব নোৱাৰে তেনে কটকটীয়া ব্যবস্থা চৰকাৰক গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। কেৱল পিতৃৰ জাতিগত প্ৰমাণ পত্ৰ থাকিলে সকলো ছাত্র-ছাত্ৰীক জাতিগত প্ৰমাণপত্ৰ প্ৰদান নকৰি ইতিমধ্যে প্ৰদান কৰা সমূদায় জাতিগত প্ৰমাণপত্ৰৰ সত্য নিৰূপণ কৰিবলৈ আমি চৰকাৰক দাবী জনালোঁ। অনুসূচিত জনজাতিৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কাৰ্যালয়ত নোযোৱাকে শ্ৰেণী কোঠাতে সহজ উপায়েৰে জাতিগত প্ৰমাণপত্ৰ চৰকাৰে প্ৰদান কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। সেইদৰে ডিজিটেল পদ্ধতিৰে কিউ আৰ ক'ড ব্যৱহাৰ কৰি জাতিগত প্ৰমাণপত্ৰ সাঁচি ৰখাৰ যি ব্যৱস্হা চৰকাৰে হাতত লৈছে সেই কাৰ্যক আমি আদৰণি জনাইছোঁ।আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল চাৰিটা গোটত বিভক্ত হৈ শদিয়াৰ পৰা ধুবুৰলৈ সমগ্ৰ অসম পৰিভ্ৰমণ কৰি জিলাই জিলাই জনজাতি জনজাতি সভা অনুষ্ঠিত কৰাৰ লগতে জনজাতি সকলে ভুগি অহা বিভিন্ন সমস্যা সন্দৰ্ভত তথ্য কৰে। এই তথ্য সমূহ সংগ্ৰহ কৰাৰ পাছত সম্পূৰ্ণ তথ্য সম্বলিত স্মাৰক পত্ৰ চৰকাৰক প্ৰদান কৰা হ'ব। তদুপৰি ১০ জুনত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত এক বিশেষ জনজাতি অভিবর্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই অভিবর্তনত কেন্দ্ৰীয় সমিতিখন গঠন কৰা হ'ব। তদুপৰি'শিলসাঁকোত ভূমিপুত্ৰ আৰু জনজাতি পৰিয়ালৰ লোকক কোনো ধৰণৰ উচ্ছেদ কৰা নচলিব  ভূমিপুত্ৰ জনজাতি পৰিয়ালক কোনো ধৰণৰ উচ্ছেদ কৰা নহ'ব বুলি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো শিলসাকোৰ ২৭টা জনজাতীয় আৰু খিলঞ্জীয়া পৰিয়ালক আগজাননী নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্য গৰিহণা যোগ্য। প্ৰশাসনে উচ্চেদ কৰাৰ পুর্বে অগ্ৰিম জাননী জাৰি কৰি সংশ্লিষ্ট পৰিয়াল কেইটাৰ মূল্যবান সা-সামগ্রী বিলাক ৰক্ষা কৰাৰ সুবিধা দিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি অসমৰ থলুৱা মানুহক যি বৰ্বৰতাৰে উচ্ছেদ কাৰ্য চলালে সেই কাৰ্যক আমি গৰিহণা দিছোঁ। অসম চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি উচ্ছেদিত পৰিয়াল কেইটাক ক্ষতি পূৰণসহ পুনৰ সংস্থাপন কৰিবলৈ আমি দাবী জনালোঁ।' সংবাদ মেলত সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী,

সম্পাদক ৰিমল আমচি,  ধীৰেন ইংতি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here