আম আদমি পাৰ্টীৰ বান সাহাৰ্য শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 19 May 2022

আম আদমি পাৰ্টীৰ বান সাহাৰ্য শিবিৰ

 


W7s news ষ্টাফৰিপোৰ্টাৰ’ :  বানপানীৰ কবলত পৰা অসমৰ জনসাধাৰণৰ মৌলিক প্রয়োজনীয় উপাদানসমূহ যেনে- খাবলৈ অন্নমুঠি, পিন্ধিবলৈ সাজ-পোচাক আৰু থাকিবলৈ ঘৰ নাইকিয়া হৈ জোলোকা-জোলোকে পানী খোৱাৰ অৱস্থালৈ পর্যবসিত হৈছে। সেয়েহে অসমৰ বানাৰ্ত‍্যসকলৰ সাময়িক সকাহৰ নিমিত্তে আপ দলৰ সৌজন্যত এক বান সাহাৰ্য শিবিৰ ডিমা হাছাও, কাছাৰকে ধৰি সমগ্ৰ অসমত ২১ মে'ৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি দলৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে জনায়। তেওঁ লগতে কয়- বানপানীৰ বিভীষিকা ভূক্তভোগীসকলৰ দুর্ভোগ উপলব্ধি কৰি সকলো সদাশয় ব্যক্তিয়ে স্ব-ইচ্ছাই খাদ্য, সামগ্রী, পিন্ধন উপযোগী সাজ-পোচাক, নিত্য ব্যৱহাৰযোগ্য সামগ্রী আদি অনুদান হিচাপে আগবঢ়াবলৈ আহিলে নিশ্চয় পূণ্য অর্জন কৰিব বুলি কোৱা অৱকাশ থাকিব। গতিকে আহক আমি সকলোৱে হাতত হাত ধৰি বানাত‍্যসকলৰ দুখত সমভাগী হওঁ।'উল্লেখ্য, ৰাইজৰ দান-বৰঙণি দলৰ গুৱাহাটীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত জমা কৰিব পাৰিব বুলি দলে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here