আই আই টি গুৱাহাটী চৌহদত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 May 2022

আই আই টি গুৱাহাটী চৌহদত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

 



W7s news গুৱাহাটী: আই আই টি গুৱাহাটী চৌহদত এখন অত্যাধুনিক সংযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাজত আজি এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়। এই চিকিৎসালয় তথা গৱেষণা প্ৰকল্পৰ ৰূপায়ণে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ দৃশ্যপট বহুখিনি শক্তিশালী কৰিব। অসম চৰকাৰে এই প্ৰকল্পত মুঠ ৫৪৬ কোটি টকাৰ অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায়। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ  মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান,  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীত্ৰয় ৰামেশ্বৰ তেলী, ড° সুভাষ সৰকাৰ, ৰাজকুমাৰ ৰঞ্জন সিং, সতীৰ্থ মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, কেশৱ মহন্ত,  সাংসদ কুইন ওজা আৰু ছিকিম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী  কে এল ভুটীয়াকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here