W7s news নিউজ ডেস্ক: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে (কৃষ্ণকুমাৰ কুন্নাথ) ৰ মঙলবাৰে আকস্মিক মৃত্যু হয়। কলকাতাত নজৰুল মঞ্চৰ উল্টাডাংগা গুৰুদাস মহাবিদ্যালয়ৰ এক সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মঞ্চতে ঢলি পৰে জনপ্ৰিয় শিল্পীজনে। তেওঁক ততাতৈয়াকৈ চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয় লৈ লৈ যোৱা হয়, য'ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। মাত্ৰ ৫৩
বছৰ বয়সতে মৃত্যুক সাৱটি ললে জনপ্ৰিয় শিল্পী জনে। বাংলা, মাৰাঠী, হিন্দী, অসমীয়া, তামিল,কানাড়া আদি ভাষাত গীত পৰিবেশন কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। লগতে বলিউড আৰু তেওঁৰ অনুৰাগী সকলৰ মাজত শোকৰ ছাঁ পৰে।
#KK #kknomore #RIP

No comments:
Post a Comment