গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 May 2022

গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ

 



১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২




W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক্ষা খণ্ডক পুনৰুজ্জীৱিত কৰি শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে অহা ১১ মে'ৰপৰা গুণোৎসৱ ২০২২-ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। শিক্ষা বিভাগ আৰু অসম সৰ্বশিক্ষা অভিযানৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ বিকাশৰ অৰ্থে এইবাৰৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। ১১ মে'ৰপৰা ১৪ মে'লৈ প্ৰথম পৰ্যায়ৰ মূল্যাঙ্কন বঙাইগাঁও, গোৱালপাৰা, দৰং, নগাঁও, বিশ্বনাথ, কাৰ্বি আংলং, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ আৰু কৰিমগঞ্জত অনুষ্ঠিত হ'ব। পৰৱৰ্তী পৰ্যায়ৰ গুণোৎসৱ অহা ২৩ মে'ৰপৰা ২৬ মে'লৈ বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব। আনহাতে অহা ১ জুনৰপৰা ৪ জুনলৈ অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ (মহানগৰ), নলবাৰী, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লোৱা হ'ব। সামগ্ৰিকভাৱে তিনিওটা পৰ্যায় মিলি এইবাৰৰ গুণোৎসৱত ৪৬,০০০ খন চৰকাৰী/প্ৰাদেশিকৃত/চাহ বাগিচা পৰিচালনাধীন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় (প্ৰথম শ্ৰেণীৰপৰা নৱম শ্ৰেণী)ৰ ৪২,৫০,২২৪ গৰাকী বিদ্যাৰ্থীক সামৰি লোৱা হ'ব। ক'ভিড-১৯ৰ ফলত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত ছাত্র-ছাত্ৰীসকলৰ শিক্ষা জীৱনত এক বিৰূপ প্ৰভাৱ পৰিছিল। সেয়েহে এইক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু ব্যৱধানসমূহ দূৰ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাটোৱে গুণোৎসৱ ২০২২-ৰ মূল লক্ষ্য আৰু উদ্দেশ্য।গুণোৎসৱ ২০২২ৰ সময়ছোৱাত সংশ্লিষ্ট বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু বাহ্যিক মূল্যায়ন- এই দুইধৰণৰ মূল্যায়ন অনুষ্ঠিত কৰা হ'ব। যদিও প্ৰথমৰপৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ স্তৰ মূল্যায়ন কৰা হ'ব, পিছে দ্বিতীয় শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক সামৰি লোৱা হ'ব। সেয়েহে, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ যোগ্যতা নিৰূপণৰ বাবে প্ৰথম শ্ৰেণীৰ প্ৰশ্নকাকত দিয়া হ'ব আৰু বাকী শ্ৰেণীবোৰৰ শিক্ষাৰ্থীসকলেও তেনেধৰণে এক শ্ৰেণীৰ তলৰ প্ৰশ্নকাকত লাভ কৰিব। বিদ্যালয়সমূহে স্ব-মূল্যায়ন (পঢ়াৰ দক্ষতা আৰু বিদ্যালয় মূল্যায়ন) বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপস্থিতিত অনুষ্ঠিত কৰিব, য'ত বিদ্যালয়সমূহৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিব। আনহাতে বাহ্যিক মূল্যায়নৰ সময়ত শিক্ষকসকলক একোটা গোটৰ ভিতৰত সালসলনি কৰা হ'ব। প্ৰতিখন সংশ্লিষ্ট বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া মূল্যায়ন কাৰ্যসূচীৰ প্ৰথমদিনা বিদ্যালয় এখনে নিজাববীয়াকৈ স্ব-মূল্যায়ন অনুষ্ঠিত কৰিব আৰু বাহ্যিক মূল্যায়ন নিৰ্ধাৰিত তাৰিখ অনুসৰি অনুষ্ঠিত কৰা হ'ব। মূল্যায়নৰ সমগ্ৰ প্ৰক্ৰিয়া ও.এম.আৰ. পদ্ধতি আধাৰিত হ'ব।বাহ্যিক মূল্যায়নৰ দিনা তিনিটা বিষয়ৰ দক্ষতা (পঢ়া, লিখা আৰু সংখ্যা/মৌলিক গাণিতিক চৰ্চা)ৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাৰ্থীসকলৰ মূল্যায়ন কৰা হ'ব। গুণোৎসৱৰ এই গোটেই প্ৰক্ৰিয়াটোত ১৮,৭৫২ বাহ্যিক মূল্যায়নকাৰীক নিয়োজিত কৰা হ'ব আৰু তেওঁলোকে মূল্যায়নৰ সামগ্ৰিক প্ৰক্ৰিয়াটো নিবিড়ভাৱে নিৰীক্ষণ কৰিব।তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সন্মানীয় মন্ত্ৰী, বিধায়ক, মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু উচ্চপদস্থ বিষয়াসকলেও এই গুণোৎসৱত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব আৰু গুণোৎসৱৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় এমাহজোৰা এই বিশাল কাৰ্যসূচীৰ জৰিয়তে বিদ্যাৰ্থীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ অন্যান্য অংশীদাৰসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা হ'ব, যাতে সকলোৰে ঐক্যবদ্ধ প্ৰয়াসৰদ্বাৰা ৰাজ্যখনত শিক্ষাৰ মান অধিক উন্নত হয়।দেশৰ ভৱিষ্যৎ আৰু সমাজৰ মানৱ সম্পদস্বৰূপ শিক্ষাৰ্থীসকলৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ অৰ্থে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ এই যাত্রাত অংশীদাৰ হ'বলৈ শিক্ষা বিভাগে সকলোকে আহ্বান জনাইছে আৰু গুণোৎসৱ ২০২২-ক সাফল্যমণ্ডিত কৰাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here