অ' টি টি প্লেটফৰ্ম 'প্ৰাইড প্লেক্স'ৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 April 2022

অ' টি টি প্লেটফৰ্ম 'প্ৰাইড প্লেক্স'ৰ শুভাৰম্ভণি





W7s news গুৱাহাটী:  পহিলা ব'হাগৰ দিনটোতে গুৱাহাটীৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় 

অ টি টি প্লেটফৰ্মত 'প্ৰাইড প্লেক্স'। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ নৱতম সংযোজন এই অ' টি টি প্লেটফৰ্ম মুকলি কৰে অংগৰাগ পাপন মহন্তই মুকলি কৰিলে। প্ৰথম পৰ্যায়ত

'প্ৰাইড প্লেক্স'ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু দৃশ্য-শ্রাব্যৰ ৰূপ দি মুকলি কৰা হ'ব দৰ্শকলৈ। ইয়াত

বুঢ়ী আইৰ সাধুৰ কেইবাটাও খণ্ড উপলব্ধ হ'ব। প্ৰায় ৪০ টা সাধু সন্নিবিষ্ট কৰা হ'ব। তাৰপাছত বিশিষ্ট কবিৰ কবিতা, প্ৰয়াত ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদিৰ গীতৰ আঁৰৰ কথা আদি সন্নিবিষ্ট কৰা হ'ব।

দ্বিতীয় পৰ্যায়ত অসমীয়াৰ লগতে বিভিন্ন ভাষাৰ  ৱেব চিৰিজ সমূহ উপলব্ধ হ'ব 'প্ৰাইড প্লেক্স'ত । এসপ্তাহৰ ভিতৰত গুগল প্লে' ষ্টৰত  উপলব্ধ হ'ব 'প্ৰাইড প্লেক্স' ।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা নিপন গোস্বামী, অংগৰাগ পাপন মহন্ত, জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইন, ৱাছবিৰ হুছেইনৰ  লগতে সাংস্কৃতিক জগতৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়াসকল। 'প্ৰাইড প্লেক্স'ত প্ৰথম তিনিমাহ বিনামূলীয়াকৈ সেৱা উপলব্ধ হ'ব সেৱা। এই মুকলি অনুষ্ঠানত শিল্পী মনোজ বৰুৱা, পুৰবী শৰ্মা আৰু সংগীবৃন্দই সংগীতানুষ্ঠান আৰু শিল্পী ৰঞ্জিত গগৈৰ দলে বিহু নৃত্য পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here