৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ ব্যবস্থা কৰিবলৈ দাবী-নিম্ন প্রাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থা, অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 April 2022

৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ ব্যবস্থা কৰিবলৈ দাবী-নিম্ন প্রাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থা, অসমৰ

 



অসম চৰকাৰে এক লাখ নিবনুৱা নিযুক্তিৰ যি প্ৰচেষ্টা হাতত লৈছে, তাত নিম্ন প্রাথমিক বিদ্যালয়ৰ তৃতীয় সহকাৰী শিক্ষক সকলকো অন্তর্ভূক্ত


দাবী পুৰণ নহলে গ্ৰহণ কৰা হ'ব প্ৰতিবাদী কাৰ্যসূচী




W7s News ষ্টাফৰিপোৰ্টাৰ: ৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ অতিশীঘ্ৰে  প্রাদেশিকীকৰণৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে নিম্ন প্রাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থা অসমে। সন্থাৰ কেন্দ্ৰীয় সমিতি উদ্যোগত সোমবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভবনত অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ সভাপতি  বিশ্বজিৎ ছেত্রীয়ে  কয়-বিদ্যালয়খন প্রাদেশিকীকৰণ নোহোৱাৰ অৱস্থাতেই বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰথম  আৰু দ্বিতীয় শিক্ষকৰ দৰেই নিযুক্তি দিছিল যদিও কোনো এখন চৰকাৰে পদ সমূহ প্রাদেশিকীকৰণৰ ব্যৱস্থা আজিকোপতি গ্ৰহণ নকৰিলে। প্রাদেশিকীকৰণ নোহোৱা অৱস্থাৰ পৰাই ইউ-ডি আই এছ ই (U-DISE)ত নাম অন্তর্ভুক্ত আছিল যদিও প্ৰাদেশিকীকৰণৰ পৰৱৰ্তী সময়ছোৱাত চক্রান্তমূলকভাৱে পদসমূহ নিচিহ্ন কৰাৰ উদ্দেশ্যে তৃতীয় সহকাৰী শিক্ষক কিছু সংখ্যকৰ নাম ইউ-ডি আই এছ ই (U-DISE) ৰ পৰা কৰ্ত্তন কৰিছে। ইয়াৰ সদুত্তৰ জিলা শিক্ষা বিষয়া বা খণ্ড শিক্ষা বিষয়া কাৰোৰে পৰা পোৱা নগ'ল। বিদ্যালয়ৰ সত্য আৰু শুদ্ধ তথ্যৰ আধাৰত তৃতীয় সহকাৰী শিক্ষক সকলৰ কথাও ইউ-ডি আই এছ ই (U-DISE) ত অন্তর্ভুক্ত হৈ থাকিব লাগে, কিয়নো এই সকল শিক্ষকেও আজি পর্যন্ত নিয়মীয়া পাঠদান কৰি আহিছে। অসম চৰকাৰে এক লাখ নিবনুৱা নিযুক্তিৰ যি প্ৰচেষ্টা হাতত লৈছে, তাত নিম্ন প্রাথমিক বিদ্যালয়ৰ তৃতীয় সহকাৰী শিক্ষক সকলকো অন্তর্ভূক্ত কৰক। আগন্তুক অসমীয়া নৱবৰ্ষৰ প্ৰাক্ ক্ষণত বিনা বেতনেৰে মানৱ সম্পদ গঢ় দিয়া ক্ষেত্ৰখনত নিজকে আত্মিক আৰু কায়িকভাৱে সমর্পিত কৰা শিক্ষক সকল আর্থিক দুৰাৱস্থাৰ হেতু নিজৰ পৰিয়ালটোকে প্রয়োজনীয় ভবন-পোষনৰ দায়িত্ব পালন কৰিব নোৱাৰাত হীনমান্যতাত ভুগিছে। গতিকে চৰকাৰখনে এই ৪১১ গৰাকী তৃতীয় সহকাৰী শিক্ষকৰ পদ সমূহ প্রাদেশিকীকৰণৰ ব্যবস্থা কৰি চৰকাৰখনৰ মানৱীয়তাৰ পৰিচয় দাঙি ধৰক।অন্যথা আমি প্ৰতিবাদী কাৰ্য্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ'ম। সংবাদ মেলত সন্থাই এই  গুৰুত্বপূর্ণ সমস্যাৰ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনায়। সংবাদ মেলত সন্থাৰ কার্যকৰী সভাপতি  সোনাৰাম দত্ত, যুটীয়া সাধাৰণ সম্পাদক  মমী হাজৰিকা, কাজিমল হকৰ লগতে সন্থাৰ বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here