বিবেকানন্দ কেন্দ্র সাংস্কৃতিক সংস্থাৰ ৰূপালী জয়ন্তীৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 April 2022

বিবেকানন্দ কেন্দ্র সাংস্কৃতিক সংস্থাৰ ৰূপালী জয়ন্তীৰ আয়োজন

 



W7s News ষ্টাফৰিপোৰ্টাৰ:ৰূপালী জয়ন্তী বর্ষৰ লগত সংগতি ৰাখি বিবেকানন্দ কেন্দ্র সাংস্কৃতিক সংস্থাই   ৩০ এপ্রিল আৰু ১ মে'ত দুদিনীয়া কাৰ্যসূচীৰে 'তেজস্বী ভাৰত' শীর্ষক এক বক্তৃতানুষ্ঠানৰ  আয়োজন কৰা হৈছে। সোমবাৰে বিবেকানন্দ কেন্দ্র সাংস্কৃতিক সংস্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সংস্থাৰ যুটীয়া সচিব দীপাংকৰ মহন্তই। তেওঁ লগতে কয়- এই উপলক্ষে ৩০ এপ্রিলত  অসম ৰাজ্যপাল, অধ্যাপক জগদীশ মুখীয়ে দ্বাৰ উদ্ধোধন কৰিব। গীতা পৰিবাৰ তথা মহর্ষি বেদব্যাস প্রতিষ্ঠানৰ প্ৰতিষ্ঠাতা,শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ তত্ত্বাবধায়ক পূজ‍্যস্বামী গোবিন্দ দেব গিৰি মহাৰাজ  মুখ্য বক্তাৰূপে উপস্থিত থাকিব। ৰাজ্যপাল, অধ্যাপক জগদীশ মুখীয়ে সভাপতিত্ব কৰিবলগীয়া অনুষ্ঠানটত নিজৰ সাংস্কৃতিক সংৰক্ষণ কৰা, প্ৰচাৰ কৰা,ৰক্ষণাবেক্ষণ দিয়া ব্যক্তিগত দুজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব।'

সংবাদ মেলত ৰূপালী জয়ন্তীবর্ষ উদযাপন সমিতিৰ উপ-সভাপতি ৰবীন এনকলিতাই কয়- বিবেকানন্দ কেন্দ্র সাংস্কৃতিক সংস্থাৰ  মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰ এখনত সেৱা আগবঢঢ়োৱ।  ১৯৯৬ চনৰ পৰা অনুষ্ঠানিকভাৱে কাম আৰম্ভ এই সংস্থাটোৰ নীতি হৈছে “সংস্কৃতি ঐক্যম পুস্নতি।'সংবাদ মেলত কেন্দ্ৰৰ অসম প্ৰান্তৰ সংগঠক মীৰা কুলকাৰ্ণি,কাৰ্যবাহী সদস্য ৰাম স্বৰূপ লাখুটিয়া, বিবেকানন্দ কেন্দ্র অসম প্ৰান্তৰ ব্যবস্থা প্ৰমুখ

শংকৰলাল চক্ৰৱৰ্তী উপস্থিত থাকি এই বক্তৃতানুষ্ঠানৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here