W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ বিৰুৱাৰী ৰামকৃষ্ণ মিছন পথস্থিত 'শিশু সাৰথি'ৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা আৰু ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক সর্বাদন্য ঠাকৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বাৰ্ষিক খেল-ধেমালিখন মুকলি কৰে আৰু বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালী সকলক শিক্ষাৰ লগতে খেলৰ জৰিয়তেও শাৰিৰীক মানসিকভাৱে উৎকৰ্ষ সাধনাৰ বাবে লোৱা প্ৰচেষ্টাক শলাগ লয়। বাৰ্ষিক খেল ধেমালিত শিশু সৰথিৰ শিশু সকলৰ মাজত দৌৰা, বল দলিওৱা আদি খেলবোৰ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত শিশু সৰথিৰ সমন্বয়ক কন্দৰ্প নাথ, শিক্ষক-শিক্ষয়িত্ৰী, শিশু সকলৰ অভিভাৱক সকল উপস্থিত থাকি শিশু সকলক উৎসাহিত ক
ৰে।
No comments:
Post a Comment