তৃতীয় ষান্মাষিকৰ ফলাফৰ বিসংগতি দূৰ কৰি ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী এছ এফ আইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 February 2022

তৃতীয় ষান্মাষিকৰ ফলাফৰ বিসংগতি দূৰ কৰি ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী এছ এফ আইৰ

 


উপাচাৰ্যক প্ৰদান কৰিলে বিকল্প গ্ৰেডিং পদ্ধতিৰ চানেকি




W7s news ষ্টাফৰিপোৰ্টাৰ :  এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ এক প্ৰতিনিধি দলে সোমবাৰে স্নাতক পৰ্যায়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এক স্মাৰক-পত্ৰ প্ৰদান কৰে। স্নাতক তৃতীয় ষান্মাষিকৰ ফলাফলক কেন্দ্ৰ কৰি পোহৰলৈ অহা খেলিমেলি দূৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰাৰ পাছত চলিত বছৰৰ ২২ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে সমগ্ৰ বিষয়টো অধ্যয়ন কৰিবলৈ এক 'ফেক্ট ফাইণ্ডিঙ কমিটি' গঠন কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল আৰু তাৰ ভিত্তিত সন্মুখলৈ অহা ত্ৰুটিসমূহ দূৰ কৰি ফলাফলসমূহ শুদ্ধ কৰা হ'ব বুলি জনাইছিল । কিন্তু ১৫ দিন উকলি যোৱাৰ পিছতো এতিয়ালৈ এই সম্পৰ্কত প্ৰতিবেদন সম্পূৰ্ণ  হোৱা নাই । সোমবাৰে সাধাৰণ সম্পাদক নিৰংকুশ নাথ, সভাপতি প্ৰতুল বৰ্মন, কল্যাণ বুঢ়াগোহাঁই আৰু হিমাংশু বৰাৰে গঠিত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ এক প্ৰতিনিধি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ গোটেই প্ৰক্ৰিয়া খৰতকীয়া কৰি শীঘ্ৰে প্ৰতিবেদনৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়। উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ আৰু পঞ্জীয়কৰ অনুপস্থিতিত দায়িত্বত থকা পৰীক্ষা নিয়ন্ত্ৰক ধ্ৰুৱ জ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়ে যে অতি শীঘ্ৰে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ কৰ্তৃপক্ষই গ্ৰহণ কৰিব।

এই বিষয়ৰ লগতে এছ এফ আইৰ প্ৰতিনিধি দলটোৱে শেষৰ দুয়োটা ষাণ্মাসিকৰ পৰীক্ষা সময়মতে অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰ বাবে এতিয়াৰ পৰাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় যাতে আগন্তুক সময়ত উচ্চ শিক্ষাত নামভৰ্তিত  কোনো অসুবিধা নহয়। অন্যহাতে এছ এফ আইয়ে সামগ্ৰিকভাৱে স্নাতক পৰ্যায়ত সময়ে সময়ে উদ্ভৱ হোৱা পৰীক্ষা সংক্ৰান্তীয় বিসংগতিসমূহৰ মূল কাৰণসমূহ চিনাক্ত কৰি দূৰ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। বিশ্ববিদ্যালয়ৰ ফলাফল ডিজিটেল মাধ্যমেৰে নিয়াৰিকৈ আগবঢ়োৱাৰ বাবে গঠন কৰা "আই ইউ এম এছ"ৰ দায়িত্বত থকা কোম্পানী আই টি আই লিমিটেডৰ বিভিন্ন গাফিলতি সময়ে সময়ে পোহৰলৈ আহিছে । এছ এফ আইয়ে কোনো কোম্পানীক এনে দায়িত্ব দিয়াৰ সলনি বিশ্ববিদ্যালয়ে নিজে সেই দায়িত্ব গ্ৰহণ কৰাৰ দাবী জনাইছে। প্ৰয়োজনীয় অন্ততঃগাঁথনি আৰু কৰ্মচাৰী নিয়োগ কৰি গোটেই ব্যৱস্থাটো উন্নত কৰাৰ কথাও সংগঠনটোৱে দোহাৰে। 


ইয়াৰ উপৰি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে গোটেই গ্ৰেডিং পদ্ধতিৰ আসোঁৱাহ দূৰ কৰিবলৈ এক বিকল্প গ্ৰেডিং পদ্ধতি উপাচৰ্য্যৰ সন্মুখত তুলি ধৰে। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যৱহাৰ কৰি থকা গ্ৰেডিং পদ্ধতি বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰস্তুত কৰা কিন্তু এই পদ্ধতিত থকা আসোঁৱাহ ২০১৬ চনতেই দিল্লী বিশ্ববিদ্যালয়ে একে গ্ৰেডিং পদ্ধতি ব্যৱহাৰ কৰি থাকোতেই পোহৰলৈ আহিছিল। সেয়ে দিল্লী বিশ্ববিদ্যালয়ে ইয়াক বিকশিত কৰি লৈছিল। বিশ্ববিদ্যালয় অনুদান আয়োগেও প্ৰয়োজনীয়তা অনুসৰি ইয়াৰ এক অংশ সাল-সলনি কৰাৰ অনুমতি দি থৈছে। এছ এফ আইয়ে সেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰেডিং পদ্ধতিৰ কিছু সাল-সলনি কৰি  বিকশিত কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু বিকল্প গ্ৰেডিং পদ্ধতিৰ চানেকি উপাচাৰ্যক প্ৰদান কৰিছে। মন কৰিবলগীয়া যে বৰ্তমানৰ গ্ৰেডিং পদ্ধতিত এটা বিষয়ত এজন ছাত্ৰই কিমান গ্ৰেড পাব তাৰ হিচাপ কৰিবলৈ সেই বিষয়ত সকলো ছাত্ৰ-ছাত্ৰীয়ে পোৱা নম্বৰৰ এটি গড় নম্বৰ( mean marks) আৰু মানক বিচ্যুতি (standard deviation) ব্যৱহাৰ কৰে। এই তুলনামূলক গ্ৰেডিং পদ্ধতি গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যৱহাৰ কৰিছে যদিও ৰাজ্যখনৰ অন্য বিশ্ববিদ্যালয়ে ব্যৱহাৰ কৰি থকা নাই। সেয়ে গোটেই দিশ চালি জাৰি চাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ পক্ষত এক পদ্ধতি গ্ৰহণ কৰিবলৈ সংগঠনটোৱে উপাচাৰ্যক দাবী  উত্থাপন কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here