ভাৰত ৰত্ন লতা মংগেংশকাৰৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 February 2022

ভাৰত ৰত্ন লতা মংগেংশকাৰৰ মৃত্যু

 




W7s News নিউজ ডেস্ক : কোকিল কন্ঠী শিল্পী লতা মংগেংশকাৰ আৰু নাই । হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰা লতা মংগেংশকাৰ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।  উল্লেখ্য,যোৱা ৮ জানুৱাৰীত ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল শিল্পীগৰাকীক । ক'ভিডৰ লগতে নিমোনিয়াতো আক্ৰান্ত হোৱাত তেওঁৰ স্বাস্থ্য গুৰুতৰ হৈ পৰিছিল । উন্নত চিকিৎসাৰ পিছত জানুৱাৰীৰ শেষৰফালে তেওঁ ক'ভিডমুক্ত হোৱাৰ উপৰি নিমোনিয়াৰ পৰাও মুক্ত হৈছিল । কিন্তু দুদিন পূৰ্বে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত ভেণ্টিলেটৰত ৰখা হৈছিল শিল্পীগৰাকীক । ইতিমধ্যে কালি কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেল, শ্ৰদ্ধা কাপুৰকে ধৰি বহু ৰাজনৈতিক নেতা আৰু শিল্পীয়ে লতা মংগেংশকাৰৰ খবৰ ল'বলৈ হাস্পাতাললৈ গৈছিল । দেশজুৰি কোকিলকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰা হৈছিল যদিও আজি খন্তেক সময় পূৰ্বে তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সংগীত মহাবিদ্যালয়ৰ সাহায্যাৰ্থে অনুষ্ঠিত অনুষ্ঠানত প্ৰথম গুৱাহাটীত ১৯৮৪ চনৰ ২০ মাৰ্চত লতাজীয়ে সংগীতানুষ্ঠান পৰিবেশন কৰিছিল। তেওঁৰ মৃত্যুত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here